ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১৭ জানুৱাৰী : নগাঁও জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিবুৰ ৰহমান ওৰফে বাবুলে ৰূপহীহাট সমষ্টিৰ জুৰীয়াকে ধৰি...
ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১৭ জানুৱাৰী : নগাঁও জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিবুৰ ৰহমান ওৰফে বাবুলে ৰূপহীহাট সমষ্টিৰ জুৰীয়াকে ধৰি বিভিন্ন অঞ্চলৰ দৰিদ্ৰ লোকৰ মাজত গৰম কাপোৰ কম্বল বিতৰণ কৰে। বাবুলে জানিব দিয়া মতে, বৰ্তমান চলি থকা শীতৰ অত্যাধিক প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিখনৰ পাঁচ শতাধিক দৰিদ্ৰ লোকৰ মাজত এই কম্বল সমুহ বিতৰণ কৰা হয়। তদুপলক্ষে অধ্যক্ষ গৰাকীৰ শিঙিয়াস্থ নিজা বাসভৱনত কালি অনুষ্ঠিত এক অনুষ্ঠানত এই বস্ত্ৰ সমুহ বিতৰণ কৰা হয়। এই বস্ত্ৰ সমুহ বিতৰণ কৰি বাবুলে কয়, দৰিদ্ৰ লোকক সহায় কৰাৰ নিচিনা আনন্দ আৰু নাই। অনাগত দিনত দুখীয়া লোকক সহায় কৰাৰ বাবে নেদেখাজনৰ পৰা তেওঁ আৰ্শীবাদ বিচাৰে।
No comments