ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৪ জানুৱাৰী যোৰহাট: পটীয়াগাঁও শাখা সাহিত্য সভাৰ আমন্ত্ৰণ ক্ৰমে যোৱা শনিবাৰে কলিয়ণী নৱজ্যোতি শঙ্কৰী কলা- কৃষ্টি ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৪ জানুৱাৰী যোৰহাট: পটীয়াগাঁও শাখা সাহিত্য সভাৰ আমন্ত্ৰণ ক্ৰমে যোৱা শনিবাৰে কলিয়ণী নৱজ্যোতি শঙ্কৰী কলা- কৃষ্টি সংঘৰ প্ৰাংগনত যোৰহাট জিলা সাহিত্য সভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড০ ৰাতুল চন্দ্ৰ বৰাই । সম্পাদক মাধৱ মহন্তই আঁত ধৰা অনুষ্ঠানটিত টুনমণি বৰদলৈৰ শ্বায়েৰী সংকলন 'ৰান্ধনী বেলিৰ সুবাস' উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক বিশিষ্ট সাহিত্য সমালোচক ৰমানন্দন বৰাই। গ্ৰন্থখন উন্মোচন কৰি তেখেতে কয় 'অসমীয়া সাহিত্যত শ্বায়েৰী এক নতুন অভিযোজনা' । উক্ত সভাতে টুনমণি বৰদলৈৰ সম্পাদনাত যোৰহাট জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ মুখপত্ৰ ' আকাশ' উন্মোচন কৰে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী নীৰদা গগৈ বৰাই। গ্ৰন্থখন উন্মোচন কৰি উন্মোচকে জোনাকী যুগৰে পৰা বৰ্তমানলৈকে অসমীয়া সাহিত্যৰ উত্তৰণত কাকত আলোচনীয়ে লৈ অহা গুৰুত্ব ,ভূমিকা উল্লেখ কৰাৰ লগতে 'আকাশে' মহিলা সকলৰ স্ব-প্ৰতিভা বিকাশত সহায়ক হৈ অসম সাহিত্য সভাৰ মজিয়াত মহিলাৰ স্থিতি প্ৰতিপন্ন কৰিব বুলি কয়। সভাত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, সমালোচক ড০ মানিক শইকীয়া, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী নলিনীবালা হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা ,ভৱ গোস্বামী,ড০ বীণা বৰুৱা, গোপাল মহন্ত, কৃষ্ণ বাহাদুৰ চেত্ৰী, বৈকুণ্ঠ মহন্ত,ড০ বিপিন খঙীয়া, উপেন্দ্ৰজিৎ মহন্ত, ক্ষীৰোদ দাস, বিপিন চন্দ্ৰ হাজৰিকা,সুমলা বৰদলৈ,ত্ৰিলোক বৰা,খগেন্দ্ৰনাথ দত্ত, দেৱেশ্বৰ বৰা,প্ৰেমলতা শইকীয়া,দীপক ৰাজখোৱা ,সুদীপ্ত গোস্বামী,নৈমিষা শইকীয়াকে প্ৰমুখ্য কৰি শতাধিক সাহিত্য প্ৰেমী ।আদৰণী সমিতিৰ হৈ অচিন্ত দত্ত,ৰাজু দত্তই আদৰণি জনোৱা সভাখনত ৰূপা হাজৰিকা আৰু ৰশ্মি বৰদলৈয়ে বৰগীত পৰিৱেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে।
No comments