Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকত মাজুলীৰ জিলা প্ৰশাসনৰ সম্বৰ্ধনা

  পৰাণজ্যোতি বৰা,মাজুলী, 27 জানুৱাৰী:  মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ গুনীশিল্পী  ,সাধৱ ,প্ৰসাৰ- প্ৰচাৰক অধ্যাপক বৰগায়...

 


পৰাণজ্যোতি বৰা,মাজুলী, 27 জানুৱাৰী: মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ গুনীশিল্পী  ,সাধৱ ,প্ৰসাৰ- প্ৰচাৰক অধ্যাপক বৰগায়ন,বৰ ওজা, নামলগোৱা, চৰিত্ৰ তোলা নামঞ্জনীয়া বুঢ়াভকত শ্ৰী গোপীৰাম বুঢ়াভকত লৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰনালয়ে আগবঢ়ালে 2020-2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান। অসমৰ সত্ৰীয়া সংগীতৰ জগত খনত ওৰেতো জীৱন সেৱা আগবঢ়াই অহা গোপীৰাম বৰগায়নক ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰনালয়ে প্ৰদান কৰা এই সন্মান ৰ বাবে  মাজুলীত আনন্দৰ বন্যা বৈছে। আজি দেশৰ  ৭২ সংখ্যক গনৰাজ্য দিৱসত মাজুলী জিলা প্ৰশাসনে গড়মূৰ কাছাৰী  ময়দামত আয়োজন কৰা দিৱসৰ অনুষ্ঠানত সম্বৰ্ধনা জনায়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা ,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে চেলেং চাদৰ, গামোচা, আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।আৰু এয়া অসম তথা মাজুলীৰ বাবে গৌৰৱৰ কথা বুলি উল্লেখ কৰে।   মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীও অভিনন্দন জনায়। বহু কেইটা মাজুলীৰ দল সংগঠনেও শুভেচ্ছা সম্বৰ্ধনা জনায়। মাজুলী জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ সৃষ্টি সংঘ, মাজুলী জিলা আপকু  মাজুলী জিলা সাংবাদিক সন্থা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড' ভূপেন হাজৰিকা পৰিবেশ্যে কলা বিভাগ, আদিয়ে সম্বৰ্ধনাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। 

No comments