Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

১৮ দিনে নিৰুদ্দিষ্ট নলনাৰ মেহবুব আলী; থানাত এজাহাৰ দাখিল

  গণবাৰ্তা বিশেষ,বেলশৰ, ১ জানুৱাৰী : নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত নলনা গাঁও নিবাসী মেহবুব আলী (৫৫) যোৱা ১৮ দিন ধৰি নিৰুদ্দিষ্ট হ...

 


গণবাৰ্তা বিশেষ,বেলশৰ, ১ জানুৱাৰী : নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত নলনা গাঁও নিবাসী মেহবুব আলী (৫৫) যোৱা ১৮ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনা সংক্ৰান্তত মেহবুব আলীৰ পুত্ৰ মিণ্টু হুছেইনে স্থানীয় বেলশৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বাতৰি যুগুত কৰাৰ সময়লৈ নিৰুদ্দিষ্ট মেহবুব আলীৰ কোনো শুংসূত্ৰ পোৱা হোৱা নাই ৷ পৰিয়ালসূত্ৰে জানিবপৰা মতে, যোৱা ১৪ ডিচেম্বৰৰ ৰাতিপুৱা মেহবুব আলীয়ে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসাললৈ যাওঁ বুলি ঘৰৰপৰা ওলাই যোৱাৰ পাছৰেপৰা সন্ধানহীন হৈ পৰে ৷ পৰিয়ালৰ লোকসকলে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও তেওঁৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ হস্তক্ষেপ বিচাৰি বেলশৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়েও নিৰুদ্দিষ্ট আলীৰ অদ্যাপি সন্ধিয়া উলিয়াবলৈ সক্ষম হোৱা নাই ৷  কলা পেণ্ট আৰু গৰম চাৰ্ট পৰিহিত প্ৰায় ছয় ফুট উচ্চতাৰ কলা বৰণৰ মেহবুব আলীৰ কোনো লোকে সন্ধান পালে আৰক্ষী অথবা ৭৮৯৬৭৯৫৪৪০ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷


No comments