Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৮৮ নং বাঘবৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা

  গণ বাৰ্তা,মন্দিয়া,৯জানুৱাৰীঃবৰপে টা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৮৮ নং বাঘবৰ গাওঁ পঞ্চায়তত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত স...


 গণ বাৰ্তা,মন্দিয়া,৯জানুৱাৰীঃবৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৮৮ নং বাঘবৰ গাওঁ পঞ্চায়তত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সভানেত্ৰী জাহানাৰা আহমেদ আৰু তাৰ গিৰিয়েক সামেজ উদ্দিন আহমেদে ব্যাপক দুৰ্নীতি-অনিয়ম সংগঠিত কৰাক লৈ বিতুষ্ট হৈ পৰিছে পঞ্চায়তৰ সকলো ৱাৰ্ড সদস্য সদস্যাই।সভানেত্ৰী আৰু তাৰ গিৰিয়েকে চৰকাৰী নীতি নিয়মক আওকান কৰি প্ৰতিটো আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত স্বৈৰাচাৰীভাবে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে, যাৰ বাবে উক্ত পঞ্চায়তৰ মুঠ ৮ গৰাকী সদস্য সদস্যাই যোৱা ১০ ডিচেম্বৰ ২০২০ ইং তাৰিখত গাওঁ পঞ্চায়ত সচিবক এখন পত্ৰ প্ৰেৰণ কৰে।পঞ্চায়ত আইন মতে অনাস্থা পত্ৰ পোৱাৰ ১৫ দিনৰ ভিতৰত গাওঁ সভা পাতিব লাগে,কিন্তু সভানেত্ৰী জাহানাৰা আহমেদে উক্ত কামৰ পৰা বিৰত থাকে।পিছত পঞ্চায়ত সচিব গৰাকীয়ে পত্ৰ খন ১৮ দিনত মূৰত মন্দিয়া আঞ্চলিক পঞ্চায়তত প্ৰেৰণ কৰে।পিছত যোৱা ২ জানুৱাৰী ২০২১ ইং তাৰিখত সম্পূৰ্ণ ভোটিং প্ৰক্ৰিয়াৰে  মুঠ ৮ জন ৱাৰ্ড সদস্য সদস্যাই অনাস্থা প্ৰক্ৰিয়াৰ সপক্ষে ভোট দি অনাস্থা কাৰ্য সম্পূৰ্ণ কৰে।অনাস্থা প্ৰক্ৰিয়াৰ সপক্ষে ভোট দিয়া ৱাৰ্ড সদস্য সকল ক্ৰমে-আবিদা খাতুন,উপ-সভাপতি ১ নং ৱাৰ্ড,আকলিমা আকতাৰ,২ নং ৱাৰ্ড,ইন্তাজ আলী,৩ নং ৱাৰ্ড, বাহাৰজান নেছা,৪নং ৱাৰ্ড,চাইনা খাতুন,৫ নং ৱাৰ্ড,মানিকজান নেছা,৮ নং ৱাৰ্ড,সোনোফা আকতাৰ,৯ নং ৱাৰ্ড,মৰিয়ম খাতুন ১০ নং ৱাৰ্ড,উক্ত ৱাৰ্ড সদস্য সদস্যা সকলে সভানেত্ৰী জাহানাৰা আহমেদক সম্পূৰ্ণ ভোট প্ৰক্ৰিয়াৰে অনাস্থা দাখিল কৰে।যি সময়ত দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি নেতৃত্বাধীন চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ কথা কৈ থকা সময়তে বিভিন্ন আঁচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা ৮৮ নং বাঘবৰ পঞ্চায়তৰ সভানেত্ৰী জাহানাৰা আহমেদৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

No comments