Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজিৰঙাত বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত আলোচনা: গুৱাহাটী-জম্মু কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অংশ গ্ৰহণ

  গণ বাৰ্তা, বোকাখাত, ১৮ জানুৱাৰী:   এই সুন্দৰ পৃথিৱীখন কেৱল মানুহৰ কাৰণে নহয়। মানুহৰ কিবা সমস্যা হলে আদালতলৈ যাব পাৰে, কিন্তু গঁড় বা আন বন...

 


গণ বাৰ্তা, বোকাখাত, ১৮ জানুৱাৰী:  এই সুন্দৰ পৃথিৱীখন কেৱল মানুহৰ কাৰণে নহয়। মানুহৰ কিবা সমস্যা হলে আদালতলৈ যাব পাৰে, কিন্তু গঁড় বা আন বন্যপ্রাণী ন্যায় বিচাৰি যাব নােৱাৰে। বন্যপ্রাণীৰ চিন্তা কৰাটো মানুহৰ কর্তব্য বুলি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলীত অনুষ্ঠিত এক বন্যপ্রাণী সংৰক্ষণ সম্পর্কীয় আলােচনাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এন কোটেশ্বৰ সিঙে মত প্রকাশ কৰে। জ্যেষ্ঠ ন্যায়াধীশ সিঙে আৰু জানিবলৈ দিয়া মতে, মানুহে জীৱিত প্রাণীক নেতৃত্ব দিয়ে। বন্যপ্রাণীয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰে। গতিকে বন্যপ্রাণীক সুৰক্ষা দিয়াটো আমাৰ কর্তব্য হােৱাটো উচিত। উল্লেখ্য, আজি অসম ৰাজ্যিক আইন সেৱা প্রাধিকাৰী আৰু ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলীত অৱস্থিত অসম পর্যটন উন্নয়ন নিগমৰ প্রশান্তি পর্যটন নিৱাসত আইনজ্ঞ, আৰক্ষী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া তথা গাঁওৰক্ষী বাহিনী কর্মকর্তাৰ উপস্থিতিত বন্যপ্রাণী সংৰক্ষণ সম্পর্কে এক গুৰুত্বপূর্ণ আলােচনা অনুষ্ঠিত হয়। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ গােলাঘাটৰ সম্পাদক নাৰায়ণ কুৰিয়ে আঁত ধৰা অনুষ্ঠানত আৰণ্যকৰ সচিব প্রধান ড° বিভৱ তালুকদৰে সচিত্ৰৰ দ্বাৰা বিশ্বৰ বিভিন্ন প্রজাতিৰ গঁড়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে লৈ বিশ্বত বর্তমান গঁড়ৰ অৱস্থিতি, গঁড়ৰ খৰ্গক লৈ চলি থকা ক'লা ব্যৱসায়, সুৰক্ষা ব্যৱস্থা আদি সম্পর্কে বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ টলি ৰেৱষ্টান উপস্থিত থাকি কয় বন-বন্যপ্রাণী, পক্ষীৰ বাদে আমি কোনো এই জগতত বাচি থাকিব নােৱাৰোঁ। বন্যপ্রাণীৰ শত্রু কেৱল মানুহ। আমি বন্যপ্ৰাণীৰ অনিষ্ট নকৰিলে আমাক কেতিয়াও বন্যপ্রাণীয়ে অনিষ্ট নকৰে। ন্যায়াধীশজনে আৰু জানিবলৈ দিয়া মতে, মানুহে ভাৰসাম্য ৰক্ষা কৰাটো অতি প্রয়ােজন।প্ৰদুষণমুক্ত কাজিৰঙা গঢ়ি তুলিবলৈ ন্যায়াধীশজনে সকলােকে আহ্বান জনায়। ইফালে, আজিৰ অনুষ্ঠানত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সদস্য সচিব নয়ন শংকৰ বৰুৱা, গােলাঘাটৰ জিলা ও সত্র, ন্যায়াধীশ বিনােদ কুমাৰ চন্দক, কাচাৰ জিলা সত্র ও ন্যায়াধীশ দাৰাক উল্লা, অসম ৰাজ্যিক আইন সেৱা প্রাধিকাৰীৰ উপ-সচিব তৃপ্তি আৰি, গােলাঘাটৰ মুখ্য ন্যায়াধীশ কৃশনলাল বৈষ্ণব, কামৰূপ জিলা সত্র ও ন্যায়াধীশ মল্লিকা দত্ত আদি উপস্থিত থাকি বন আৰু বন্যপ্রাণী সংৰক্ষণত আইনী ব্যৱস্থা কি তাৰ সম্পর্কে বক্তব্য আগবঢ়ায়।আলােচনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈ, বােকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখােৱা উপস্থিত থাকি বন আৰু বন্যপ্রাণী সংৰক্ষণ কৰিবলৈ যাওঁতে বিশেষকৈ সমস্যাৰ সন্মুখীন হােৱা কথাবােৰ ব্যক্ত কৰে। কাজিৰঙাত বিশেষকৈ এখন বন্যপ্রাণী আৰক্ষী থানা থকাটো অতি প্রয়ােজন বুলি বােকাখাতৰ মহকুমা-আৰক্ষী বিষয়াই মত প্রকাশ কৰে। ইফালে, আজিৰ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা ২০খন গাঁওৰক্ষী বাহিনীৰ প্রতিনিধি উপস্থিত থাকি বিশেষকৈ বন্যপ্রাণী সংৰক্ষণ কৰিবলৈ যাওঁতে সন্মুখীন হােৱা সমস্যা ব্যক্ত কৰাৰ পিছত আৰণ্যকৰ তৰফৰ পৰা প্ৰতিখন গাঁওৰক্ষী বাহিনীলৈ টর্চ লাইট বিতৰণ কৰা হয়।

No comments