গণবাৰ্তা, হাউলী, ৮ জানুৱাৰী : হাউলীস্থিত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা ৪ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈ পাচদিনীয়া উদ্যান শস্যৰ পুল...
গণবাৰ্তা, হাউলী, ৮ জানুৱাৰী : হাউলীস্থিত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা ৪ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈ পাচদিনীয়া উদ্যান শস্যৰ পুলিবাৰী স্থাপন আৰু কাঠফুলা খেতিৰ ওপৰত প্ৰশিক্ষণ শিবিৰ এটি অনুষ্ঠিত হৈ যায় । কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰ টোত বৰপেটা জিলাৰ সৰভোগ, হাউলী, কয়াকুছি, চেঙা, ভবানীপুৰ, সৰুপেটা, পাটাছাৰকুছি আদি বিভিন্ন প্ৰান্তৰ পৰা ৪১ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । নিবনুৱা যুৱক যুৱতী, আত্মসহায়ক গোটৰ মহিলাই অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰটোত উদ্যান শস্যৰ বিশেষজ্ঞা লিপিকা নাথ আৰু শস্য ৰোগ বিশেষজ্ঞ কুলদীপ তালুকদাৰে সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ আগবঢ়াই । আজি প্ৰশিক্ষণ শিবিৰ টোৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰি যথেষ্ট উপকৃত হোৱা বুলি উল্লেখ কৰে । হাউলী কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্যৰ বিশেষজ্ঞা লিপিকা নাথে আঁত ধৰা অনুষ্ঠান টোত জিলা কৃষি বিষয়া পৰিক্ষীত বায়ন, ইফকোৰ ক্ষেত্ৰ পৰিচালক বিনোদ শইকীয়া, হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক বিবেক তালুকদাৰ, বৰপেটা নাৰ্চাৰীৰ স্বত্বাধিকাৰী ছাহাদত হুছেইনে উপস্থিত থাকি সকলোৱে অনুপ্ৰেৰণা মূলক বক্তব্য আগবঢ়াই প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে । অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । উল্লেখযোগ্য যে এনেকুৱা শিবিৰৰ জৰিয়তে কেনেদৰে শিক্ষিত যুৱক যুৱতী, মহিলাই চৰকাৰী চাকৰিৰ আশা নকৰি কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হব পাৰে বুলি বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° অৰূপ কুমাৰ ডেকাই মন্তব্য কৰে ।
No comments