ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৮ জানুৱাৰী: অসম লেখিকা সংস্থাৰ যোৰহাট শাখাই দেওবাৰে যোৰহাট প্ৰেছ ক্লাৱত শিল্পী দিৱস উদযাপন কৰে । উক্ত অনুষ্ঠানত...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৮ জানুৱাৰী: অসম লেখিকা সংস্থাৰ যোৰহাট শাখাই দেওবাৰে যোৰহাট প্ৰেছ ক্লাৱত শিল্পী দিৱস উদযাপন কৰে । উক্ত অনুষ্ঠানত অনাতাঁৰ শিল্পী মীনু বৰুৱাক সম্বৰ্ধনা জনায়। লগতে শিল্পী দিৱসৰ লগত সংগতি ৰাখি তিনিখন গ্ৰন্থ,কবিতা পুথি উন্মোচন কৰা হয় । গ্ৰন্থ কেইখন হল বিনাপানী অধ্যাপকৰ শিশু উপযোগী সংকলন ইতিহাসৰ সঁফুৰা, নিবেদিতা বৰপূজাৰীৰ গল্প সংকলন "ৰদালি সপোনৰ ৰূপকল্প আৰু বিনু কাকতিৰ কবিতা সংকলন " একুঁকি জীৱনৰ সংলাপ। শিল্পী দিৱস আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মৰিয়নী কলেজৰ অধ্যাপক ড0 প্রদীপ বৰুৱা , অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ মিনু বৰুৱা, যোৰহাট লেখিকা সংস্থাৰ সভানেত্ৰী ঊষা বৰা,সম্পাদিকা,নিবেদিতা বৰপূজাৰী ,অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডম্বৰু বৰাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
No comments