গণ বাৰ্তা ,৩১ জানুৱাৰী পাণবাৰী: চিৰাং জিলাৰ অন্তৰ্গত বিজনী জিলা বিপিএফৰ মানাহ সেৰফাং ব্লক বিপিএফৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন। অধিৱেশনৰ মুকলি স...
গণ বাৰ্তা ,৩১ জানুৱাৰী পাণবাৰী: চিৰাং জিলাৰ অন্তৰ্গত বিজনী জিলা বিপিএফৰ মানাহ সেৰফাং ব্লক বিপিএফৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন। অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে বিটিচিত ইউপিপিএল ,বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ মিত্ৰযোটে বিটিচিত যোৱা এমাহে যি খামখেয়ালিৰে প্ৰশাসন চলাই আছে সেয়া সকলোৱে জ্ঞাত। যি মুলা বাঢ়ে তাৰ দুপাততে চিন কিন্ত আজিকালি এপাততে চিন। যোৱা এটা মাহে বুজিব পৰা গৈছে তেওঁলোকে কি দৰে সু শাসন চলাব বিটিচিত । আজি সধাৰণ জনতাই তেওঁলোকৰ কাৰ্য্যকলাপ বুজি পাইছে। তিনিওটা দলে নিজৰ নিজৰ খমতা লৈ ভিতৰি ভিতৰি ব্যাপক বিসংগতিৰ সৃষ্টী হৈছে। আমি মনে মনে তেওঁলোকৰ অৱস্থা প্ৰত্যক্ষ কৰি আছো। নিজে প্ৰশাসন চলাব নোৱাৰি বেলেগক দোষাৰোপ কৰি আছে। আজি এমাহতে উচ্ছেদৰ জাননী দিব পাৰিছে যিটো আমি ১৭ বছৰে নোৱাৰিলো। কাৰণ আমি সকলোকে লগত লৈ থাকিব বিচাৰো । কোনেও উচ্ছেদ নিবিচাৰে। আজি তেওঁলোকে ভূমিপাট্টা দিছে । যি সমুহ আমি প্ৰস্থুত কৰি থৈছিলো সেই বোৰেই দিছে। তেওঁলোকে এতিয়া কাক কাক নিজাকৈ পাট্টা দিছে নিশ্চয় সেয়া বিতং ওলাব সময়ত। মিছাতে কোটী টকা খৰচ কৰি সভা পাতি ৰাইজক দেখুৱাইহে আছে বুলি কয় মন্ত্ৰী জনে। আজি বিজেপি দলক ভাল নোপোৱা মানুহে বিভিন্ন ৰাজনৈতিক দলে বিপিএফ নেতৃত্বৰ সৈতে যোগাযোগ চলাই আছে। আমি বিপিএফৰ মতাদৰ্শৰ সৈতে মিল থকা আঞ্চলিক দলৰ সৈতে মিত্ৰতাৰে বিজেপিক উৎখাত কৰাৰ চেষ্টা চলাম। বিজেপি আজি কেতিয়াও অসমত পুণৰ চৰকাৰ কৰিব নোৱাৰে । বিজেপি বিশ্বাস ঘাতক দল বুলিও কয় মন্ত্ৰী জনে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস নিজেই পৰাজয়ৰ ভয়ত পলাই ফুৰিব লগীয়া হৈছে। বিজেপিৰ ভিতৰুৱা তথ্য অনুসৰি ৩০ টাতকৈ অধিক আসনত বৃহৎ পৰাজয়ৰ শংকাত পৰিছে বুলি কয় ব্ৰহ্মই। ৰাইজে শান্তিৰে উন্নতি বিচাৰে কোনো সংঘাত নহয়। গতিকে আমি শান্তিৰে উন্নয়ণৰ পথত আগুৱাই যোৱাৰ ক্ষেত্ৰত আমাৰ লক্ষ্য আৰু উদ্দেশ্যত অটল বুলি কয় মন্ত্ৰী চন্দন ব্ৰহ্মই।
এই অধিৱেশনৰ কাৰ্য্যসুচিত বিজনী সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰী,মানাস সেৰফাং সমষ্টীৰ পাৰিষদ ধনঞ্জয় বসুমতাৰী সহ বহু সংখ্যক বিপিএফৰ নেতা কৰ্মি উপস্থিত থাকে।
No comments