Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জেচিবিৰে খান্দি ধ্বংস কৰিলে ঐতিহাসিক বগীদ'ল পুখুৰীৰ পাৰ; ঐক্য সেনা-আটাছু-পুৰাতত্ত্ব বিভাগে পৃথকে পৃথকে দাখিল কৰিলে এজাহাৰ

  গণ বাৰ্তা, জয়সাগৰ, ১০ জানুৱাৰীঃ আহোম স্বৰ্গদেউৰ ৰাজধানী ৰংপুৰৰ গাতে লাগি থকা বগীদ'ল অঞ্চলত থকা ঐতিহাসিক বগীদ'ল পুখুৰীৰসপাৰ জেচিবিৰ...

 


গণ বাৰ্তা, জয়সাগৰ, ১০ জানুৱাৰীঃ আহোম স্বৰ্গদেউৰ ৰাজধানী ৰংপুৰৰ গাতে লাগি থকা বগীদ'ল অঞ্চলত থকা ঐতিহাসিক বগীদ'ল পুখুৰীৰসপাৰ জেচিবিৰ খান্দি ধ্বংস কৰাৰ বিৰুদ্ধে গৰজি উঠিছে শিৱসাগৰ দল সংগঠন। ছশ বছকীয়া আহোম ঐত মোক্ষম আঘাত সনা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে প্ৰত্নতত্ব বিভাগৰ লগতে দুটাকৈ সংগঠনে পৃথকে পৃথকে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে এটা দুৰ্বৃত্তৰ দলে আজিৰ দিনৰ ভাগত শিৱসাগৰ বগীদ'লৰ ঐতিহাসিক বৰপুখুৰী পাৰ জেচিবিৰ সহায়ত সম্পূৰ্ণৰূপে ভাঙি দিয়াক লৈ এতিয়া সমগ্ৰ জিলাখনতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ছয়শ বছৰীয়া আহোম ঐতিহ্যৰ ধ্বংসযজ্ঞা পতা দুষ্কৃতিকাৰীক তাৎক্ষণিক গ্ৰেপ্তাৰৰ দাবীৰে ঐক্য সেনা, আটাছুকে ধৰি কেইবাটাও সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এইক্ষেত্ৰত আটাছু, ঐক্য সেনা, অসমৰ লগতে প্ৰত্নতত্ব বিভাগে পৃথকে পৃথকে দাখিল কৰে এজাহাৰ। উল্লেখ্য যে, স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাতৃৰ নাম আছিল বগী ৰাজমাও। এইগৰাকী ৰাজমাওয়ে ১৫০৫ শকৰ মাঘ মাহত এই পুখুৰী খন্দোৱাৰ লগতে ইয়াৰ পাৰত এটি দ'ল বন্ধায়। কালক্ৰমত এই পুখুৰী বগীদ'ল পুখুৰী আৰু দ'লটো বগীদ'ল হিচাপে পৰিচিত হয়। ১৯৫০ চনৰ বৰভূঁইকঁপত বগীদ'লটো সম্পূৰ্ণৰূপে ধ্বংস হয়। ঐতিহাসিক তলাতল ঘৰৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ নিলগত অৱস্থিত বগীদ'ল পুখুৰীটো শতাধিক ৰাইজৰ বাবে আস্থা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে পৰিগনিত হৈ আহিছে। প্ৰত্নতত্ব বিভাগৰ অধিনস্থ পুখুৰীটক ৰাজহুৱা পুখুৰী হিচাপে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশ ব্যক্তিয়ে এখন সমিতিৰ অধীনত ৰাজহুৱা পুখুৰী হিচাপো পুখুৰীতোত মাছ পোহাৰ ব্যৱস্থা কৰি আহিছে। প্ৰায় পোন্ধৰ জনীয়া এটা মাছুৱৈ দলক ভোগালীৰ পৰিপ্ৰেক্ষিতত মাছ ধৰা কামত নিয়োজিত কৰিছিল যদিও সমতল পৃষ্ঠৰ পৰা উচ্চতাত থকা পুখুৰীটোত সহজ প্ৰক্ৰিয়াৰে মাছ ধৰাৰ বাবেই এই ঘটনা সংঘটিত কৰাৰ কথা জানিব পৰা গৈছে। অভিযোগ অনুসৰি পুৱাৰ ভাগত জনৈক ৰঞ্জনৰ নেতৃত্বত এচা দুষ্কৃতিকাৰীৰ দলে স্থানীয় এজন লোকৰ পৰা ভাড়ালৈ লোৱা এখন জচিবিৰ সহাত পুখুৰীটো পূৱ দিশৰ এটা অংশ সম্পূৰ্ণৰূপে খান্দি দিয়ে। এই অংশ ভাঙি দিয়াৰ ফলত পুখুৰীটোত মাছৰ লগতে থকা প্ৰকাণ্ড প্ৰকাণ্ড কাছসমূহ ওলাই অহাত এইসমূহ ধৰিবলৈ ৰাইজৰ ভীৰ লাগে। ইফালে ইমান এক ভয়ংকৰ কাণ্ড প্ৰত্যক্ষ কৰি একাংশ স্থানীয় সচেতন লোকে এই কাৰ্যৰ বিৰুধীতা কৰাত দুষ্কৃতিকাৰীৰ দলটোৱে লগে লগে চিগা অংশত মাি পেলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনা সংঘটিত হোৱা চাৰিঘন্টাৰ পাছতো প্ৰশাসন অথবা প্ৰত্নতত্ব বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নহল। ঘটনা সন্দৰ্ভত ঐক্য সেনা অসম, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লগতে কেইবাটাও জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ পিছতেই শিৱসাগৰ সদৰ থানাত প্ৰত্নতত্ব বিভাগৰ লগত আটাইকেইটা সংগঠনে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে যদিও এই মূহুৰ্তলৈকে এজনো দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

No comments