Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ উদয়ীমান যুৱক , বিশিষ্ট সমাজ সেৱক জীৱন চন্দ্ৰ হাজৰিকাক অসম গৌৰৱ বটা

  গণবাৰ্তা বিশেষ/ ষ্টাফ ৰিপৰ্টাৰ,যোৰহাট  ৬ জানুৱাৰী: অসমীয়া ভাষা সংস্কৃতি অধিক বিকাশৰ বাবে জন্ম লোৱা সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ ...


 গণবাৰ্তা বিশেষ/ ষ্টাফ ৰিপৰ্টাৰ,যোৰহাট  ৬ জানুৱাৰী: অসমীয়া ভাষা সংস্কৃতি অধিক বিকাশৰ বাবে জন্ম লোৱা সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ তৰফৰ পৰা আগবঢ়োৱা ২০২০ চন শ্ৰেষ্ঠ সন্মান অসম গৌৰৱ বটা যোৰহাট বিশিষ্ট যুৱ নেতা জীৱন চন্দ্ৰ হাজৰিকাই লাভ কৰি গৌৰৱ কঢ়িয়াইছে যোৰহাট জিলালৈ । জিলা খনৰ বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন ছাত্ৰ নেতা, অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন ,অসম যুৱ পৰিষদ যোৰহাট জিলাৰ  প্ৰক্তন সাধাৰণ সম্পাদক, অসমৰ এক বৃহৎ জনগোষ্ঠীয় সংগঠন অসম অনুসূচীত জাতি পৰিষদৰ যোৰহাট জিলাৰ  সহকাৰী সম্পাদক  তথা ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সমাজ প্রিয়  উদীয় মান যুৱ সমাজ কৰ্মী জীৱন চন্দ্ৰ হাজাৰিকাক এই বাৰ  অসমৰ এক অগ্ৰণী সামাজিক ও সাংস্কৃতিক অনুষ্ঠান  সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ তৰফৰ পৰা ২৫ ডিচেম্বৰত গুৱাহাটীৰ  অসম চৰকাৰৰ গকাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত এক আৰম্বৰ পূৰ্ণ অনুষ্ঠানত এই বটা প্ৰদান কৰা হয় । উল্লেখযোগ্য যে অসমৰ  বিভিন্ন জিলাৰ নিৰ্বাচিত  শিল্পী সাহিত্যিক সাংবাদিক  ৰাজনৈতিক আৰু সামাজিক ব্যক্তি সকলৰ লগতে  যোৰহাট জিলাৰ সৰ্বাইবন্ধা অঞ্চলৰ চকীহাত গাঁৱৰ শ্ৰী সুবৰ্ণ হাজৰিকা আৰু অনন্দা হাজৰিকাৰ এক মাত্ৰ পুত্ৰ জীৱন চন্দ্ৰ হাজৰিকাই এই বটা লাভ কৰা বাতৰিয়ে নৱবৰ্ষত যোৰহাটবাসীক গৌৰৱাম্বিত কৰি তুলিছে । উল্লেখযোগ্য যে বিগত সময়চোৱাত সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে হাজৰিকালৈ এই বটা আগবঢ়োৱা হৈছে । উক্ত বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী যোগেন মহন সঞ্জয় কৃষ্ণন আৰু সাংসদ ভুৱেনশ্বৰ কলিতাৰ লগতে কেইবাজানো বিশিষ্ট লোক উপস্থিত আছিল ।

No comments