Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কৃষি আইন বাতিলৰ দাবীত নাৰায়ণপুৰত কংগ্ৰেছৰ জোঁৰ সমদল

 গণবাৰ্তাঃ নাৰায়ণপুৰ, ৭ জানুৱাৰী: দেশজুৰি তীব্ৰতৰ হৈছে কৃষি আইন বিৰোধী আন্দোলন। সমান্তৰালকৈ অসমতো ব্যাপক ৰূপত আৰম্ভ হৈছে এই আন্দোলন। কংগ্ৰেছ...


 গণবাৰ্তাঃ নাৰায়ণপুৰ, ৭ জানুৱাৰী: দেশজুৰি তীব্ৰতৰ হৈছে কৃষি আইন বিৰোধী আন্দোলন। সমান্তৰালকৈ অসমতো ব্যাপক ৰূপত আৰম্ভ হৈছে এই আন্দোলন। কংগ্ৰেছ দলৰ নেতৃত্বত বিহপুৰীয়া সমষ্টিৰ মণ্ডলে মণ্ডলে ওলাই আহিছে শ শ লোক।কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা তিনিখনকৈ কৃষি আইনৰ বিৰোধীতাৰে আজি নাৰায়ণপুৰত কংগ্ৰেছ দলৰ নেতৃত্বত ৰূপায়ণ কৰে এক জোঁৰ সমদলৰ কাৰ্যসূচী। পিছলা মণ্ডল কংগ্ৰেছৰ নেতৃত্বত জৰাবাৰী চাৰিআলিত ৰূপায়িত এই জোঁৰ সমদল জৰাবাৰী চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যমুনাখাট হৈ বৰপথাৰৰ মাজেদি গৈ পুনৰ জৰাবাৰীত উপস্থিত হয়।  প্ৰতিবাদকাৰী সকলে কৃষি আইন বাতিল কৰক, নৰেন্দ্ৰ মোডী গ' বেক!  বিজেপি চৰকাৰ হায় হায়! সৰ্বানন্দ সোণোৱাল হায় হায়! ভূপেন বৰা জিন্দাবাদ আদি ধ্বনিৰে নাৰায়ণপুৰৰ সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে কৃষক নেতা অখিল গগৈক চৰকাৰে অন্যায় ভাৱে কাৰাগাৰত ৰক্ষা কাৰ্যকো ধিক্কাৰ জনোৱাৰ লগতে শীঘ্ৰে মুকলি কৰি দিয়াৰো আহ্বান জনায় সমান্তৰালকৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পদ খাৰিচ কৰাৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰে। লগতে উক্ত বিষয়ত দলে আইনৰ কাষ চপাৰ কথাও উল্লেখ কৰে।  লক্ষেশ্বৰ বৰুৱা, ঈশ্বৰ পাঠক, পবিত্ৰ বৰুৱা,সোণমনি খাউণ্ডকে ধৰি দুই শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত।


No comments