গনবাৰ্তা মাণিকপুৰ ২৪ জানুৱাৰী: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় পঞ্চদশ অধিবেশনখন অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত বঙাইগাঁও ...
গনবাৰ্তা মাণিকপুৰ ২৪ জানুৱাৰী: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় পঞ্চদশ অধিবেশনখন অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত বঙাইগাঁও জিলাৰ ভাণ্ডাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হব। আজি বাৰেবৰণীয়া বিহু নৃত্যৰে কেন্দ্ৰীয় অধিবেশনৰ মুকলি মঞ্চৰ লাইখুটা স্থাপন কৰে আমছুৰ প্ৰতিষ্ঠাপক সভাপতি তথা স্থানীয় বিধায়ক আব্দুল হাই নাগৰিয়ে ।কেন্দ্ৰীয় অধিবেশনৰ বাবে তীব্ৰ গতিত প্ৰস্তুতি অব্যাহত আছে বুলি জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। যোৱাকালি গুৱাহাটীৰ সাহিত্য সভা কমপ্লেক্সত গঠিত হোৱা আমছুৰ আন এখন সমিতিক তীব্ৰ সমালোচনা কৰে আমছুৰ সভাপতি জনে। আমছুৰ পৰা বহিষ্কাৰ হোৱা কিছুসংখ্যক লোকে ব্যক্তিগত স্বাৰ্থৰ বাবে এখন সমিতি গঠন কৰা বুলি উল্লেখ কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে।
No comments