Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৈৰাবাৰীত অসম জাতীয় পৰিষদৰ গণ সমৱেশ আৰু যোগদান সমাৰোহত অসম জাতীয় পৰিযদৰ সভাপতি লুৰিণ জ্যোতি গগৈ

  মৈৰাবাৰীৰ পৰা নিতুমনি গোস্বামী,আজাহাৰ উদ্দিন,১৯ জানুৱাৰী :  আজি মৰিগাঁও জিলাৰ মৈৰাবাৰী ইন্দিৰা ফিল্ডত ৮৩ নং ধিং সমিষ্টিৰ অসম জাতীয় পৰিষদৰ ...


 মৈৰাবাৰীৰ পৰা নিতুমনি গোস্বামী,আজাহাৰ উদ্দিন,১৯ জানুৱাৰী : আজি মৰিগাঁও জিলাৰ মৈৰাবাৰী ইন্দিৰা ফিল্ডত ৮৩ নং ধিং সমিষ্টিৰ অসম জাতীয় পৰিষদৰ এখন গণ সমৱেশ আৰু যোগদান সমাৰোহ সভা অনুষ্ঠিত হৈ যায়। সমাজকৰ্মী  হাচেন আলীৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনত অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই কয়যে-বৰ্তমান বিজেপি চৰকাৰখনৰ দিনত বস্তুৰ মূল্যই আকাশ লংঘী হল। ৰাস্তা ঘাটৰ উন্নয়ন হৈছে যদিও ধিঙৰ পৰা মৈৰাবাৰীলৈ অহা ৰাস্তাৰ অৱস্থাই উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে বুলিও উল্লেখ কৰে। সভাখনত অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্র ডেকাই  কয়যে-বৰ্তমান ৰাজনীতি মেৰু বিভাজন বিজেপি চৰকাৰখনে কৰিছে। সময় থাকোতেই অসমৰ ৰাইজে বুজা উচিত বুলি ভাষনত উল্লেখ কৰে। অসম জাতীয় পৰিষদৰ মূখপাত্ৰ জিয়াউৰ ৰহমানে কৃষকে আত্ম ময্যদা পোৱাৰ লগতে কেচা সামগ্ৰীৰ উচিত মূল্য পাইচেনে নাই বুলিও কৃষকৰ পৰা জানিব  বিচাৰে।

সভাখনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে কয়যে-এইখন শংকৰ আজানৰ দেশ। এই দেশত জাতি ভেদাভেদ ৰাজনীতি নচলিব। তেওঁ বিজেপি চৰকাৰখনক সমালোচনা কৰি  লগতে আৰু কয়যে-- ২০১৪চনতে স্থাপিত হোৱা মৈৰাবাৰী ইন্দোৰ ষ্টেডিয়ামটো আজিও সম্পূৰ্ণ হৈ উঠা নাই। অঞ্চলটোৰ বানপানী গৰাহত পৰি এতিয়াও বহু লোকে মাটি ভেটি হেৰুৱাইছে। এতিয়াও কিছু সংখ্যকে ৰাস্তাতে জীৱন নিৰ্বাহ কৰি দিন কটাইছে। 
অসম জাতীয় পৰিষদৰ চৰকাৰ হলে কা' বাতিল কৰিব বুলিও সভাখনত উল্লেখ কৰি আৰু কয়যে -১৯৭১ চনৰ ২৫ মাৰ্চ পিছত অহা কোনো এজনো লোকক অসম দেশত থাকিবলৈ দিয়া নহব।  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ ওপৰত ভাষণ প্ৰদান কৰি এই পঞ্জীয়নত এতিয়াও বহু লোক বাদ পৰাৰ   আঁৰত চৰকাৰখন বুলিও অভিযোগ তুলিছে। সমাজ কৰ্মী তথা ধিং সমষ্টিৰ অসম জাতীয় পৰিষদৰৰ দাবীদাৰ প্ৰাৰ্থী আনজাৰ হুছেইনে আঁত ধৰা সভাখনত  দুলু আহমেদৰ লগতে বহু কেইজনে  ভাষন প্ৰদান কৰে। এই সভাখনতেই ধিং সমষ্টিৰ অন্তৰ্গত আকজুল ইছলাম নেতৃত্বত  ১৫১ জন, ৰূপহীৰ পৰা ২০জন, সিদ্ধাৰ্থ দাসৰ লগতে প্ৰায় ২০০ জনৰো অধিক লোকে অসম জাতীয় পৰিযদত যোগদান কৰে।সভা খনত প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত আছিল।

No comments