গণবাৰ্তা বিশেষ,ডিফু২৪ জানুৱাৰী : শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক বাৰ্ষিক প্ৰতিনিধি সভাখন আজি দিনজোৰা কাৰ্যসূচীৰে ব...
গণবাৰ্তা বিশেষ,ডিফু২৪ জানুৱাৰী : শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক বাৰ্ষিক প্ৰতিনিধি সভাখন আজি দিনজোৰা কাৰ্যসূচীৰে বকলীয়াঘাটৰ বকুলতল মাধৱদেৱ প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয় । আঞ্চলিকৰ আটাইকেইটা প্ৰাথমিক শাখাৰ নামঘৰৰ ভকত প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা সভাখনৰ পূৰ্বে পুৱাতে প্ৰাতঃপ্ৰসংগ, পৰিৱেশ নিকাকৰণ, নাম প্ৰসংগ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় । দিনৰ প্ৰায় দহ বজাত আঞ্চলিক শাখাৰ সভাপতি দ্বীপেন বৰবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আঞ্চলিক শাখাৰ বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰা হয়। সভাৰ আৰম্ভণিতে মৈত্ৰী মহন্তই বৰগীত আৰু বিদিশা তামুলীয়ে ঝুমুৰা নৃত্য পৰিৱেশন কৰে। উল্লেখযোগ্য যে, কোৰোনা মহামাৰীসৃষ্ট বাধা নিষেধৰ পৰিপ্ৰেক্ষিতত অধিৱেশনখনি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় ।
No comments