ধুবুৰী, ২০ জানুৱাৰী ঃ ধুবুৰী জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালনৰ ব্যাপক প...
ধুবুৰী, ২০ জানুৱাৰী ঃ ধুবুৰী জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালনৰ ব্যাপক প্ৰস্তুতি লৈছে। আজি ৰাতিপুৱা ১১ বজাত যুৱ সমাজ আৰু ৰাইজক পথত যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত সজাগতা অনাৰ বাবে এখন মটৰ চাইকেল সমদলৰ আয়োজন কৰা হয়। ইয়াৰ লগতে আজি জিলা পৰিবহন কাৰ্যালয় চৌহদত এখনি সজাগতা সভাৰো আয়োজন কৰা হয়। সভাত ধুবুৰী জিলা পৰিবহন বিষয়া আজগৰ আলী কে ধৰি বিভাগটোৰ বিষয়া-কৰ্মচাৰী, ধুবুৰী ট্ৰেফিক আৰক্ষীৰ লগতে স্থানীয় বিশিষ্ট লোক উপস্থিত থাকে। সভাত দু চকীয়া যান-বাহন চলাওঁতে হেলমেট পৰিধান কৰা, ট্ৰেফিক আইন মানি চলা আদি নিয়ম বোৰ মানি চলাৰ বাবে উপস্থিত ৰাইজক আহ্বান জনোৱা হয়।
No comments