Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অপহৰণ কাণ্ড সংঘটিত হোৱাৰ ৯ দিন পিছতে উদ্ধাৰ অপহৃত ব্যৱসায়ীক

  গণবাৰ্তা,দুধনৈ,৮ জানুৱাৰী:  অপহৰণ কাণ্ড সংঘটিত হোৱাৰ ন দিন পিচত উদ্ধাৰ অপহৃত কয়লা ব্যৱসায়ী, দুধনৈ আৰু মাটিয়া আৰক্ষীৰ জালত পৰিল মহিলাসহ সাত...

 


গণবাৰ্তা,দুধনৈ,৮ জানুৱাৰী: অপহৰণ কাণ্ড সংঘটিত হোৱাৰ ন দিন পিচত উদ্ধাৰ অপহৃত কয়লা ব্যৱসায়ী, দুধনৈ আৰু মাটিয়া আৰক্ষীৰ জালত পৰিল মহিলাসহ সাতটাকৈ অপহৰণকাৰী ৷ মেঘালয়ৰ অতি দুৰ্গম অঞ্চলৰ লগতে অসমৰ দুধনৈ আৰু চিৰাংত কেবাদিন ধৰি চলা অভিযানৰ অন্তত অৱশেষত দুধনৈ আৰু মাটিয়া আৰক্ষী হাতলৈ আহিল বৃহৎ সফলতা ৷ উল্লেখযোগ্য যে যোৱা ২৯ ডিচেম্বৰ তাৰিখে গোৱালপাৰা জিলাৰ মাটিয়াৰ সমীপৰ পৰা নজৰুল ইছলাম নামৰ এজন কয়লা ব্যৱসায়ীক দুৰ্বৃত্তই নিশা পিষ্টল আৰু চোকা অস্ত্ৰ দেখুৱাই অপহৰণ কৰি নিছিল ৷ পিছত অপহৃত ব্যক্তিগৰাকীৰ মুক্তিৰ বিনিময়ত অপহৰণকাৰীয়ে পৰিয়ালৰ লোকক এক(১) কোটি টকা দাবী কৰিছিল বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পিচতে এই ঘটনা সন্দৰ্ভত ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি গোৱালপাৰা আৰক্ষীয়ে চিৰাং আৰক্ষীৰ সহযোগত প্ৰথমতে চিৰাং জিলাৰ ৰুনিকাটাৰ পৰা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিচতে দুধনৈৰ পৰা পুনৰ তিনিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃত নজৰুল ইছলামৰ গাড়ীখন চিৰাং জিলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত অপহৃত ব্যক্তিগৰাকীৰ সন্ধানত মেঘালয় আৰক্ষীৰ Special Force (বিশেষ বাহিনী)ৰ সহযোগত যুটীয়া অভিযান আৰম্ভ কৰে গোৱালপাৰা আৰক্ষীয়ে৷ গাৰোপাহাৰৰ বাজেংডোবা, মেন্দিপথাৰ আদি অঞ্চলত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰে আৰু সাত জানুৱাৰীত অপহৃত নজৰুল ইছলামক সুস্থ শৰীৰে মেঘালয়ৰ বাজেংডোবাৰ ঘন জঙ্গলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গোৱালপাৰা জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই দুধনৈত সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে অপহৰণ কাণ্ডৰ লগত জৰিত কেইজন চিৰাং, কামৰূপ গ্ৰাম্য আৰু দুধনৈৰ যুৱক৷ ইয়াৰে সৰহ সংখ্যকেই উগ্ৰপন্থী সংঘঠন এন ডি এফ বিৰ সৈতে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে জৰিত ৷ ইফালে তদন্তৰ খাতিৰত গ্ৰেপ্তাৰ কৰা অপহৰণত জৰিত কেইজনৰ নাম আৰক্ষীয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ কেইবাখনো জিলাৰ বহু কেইজন যুৱকেৰে গঠিত এই গেংটোৰ মহিলাসহ সাতগৰাকী লোক আৰক্ষীৰ জালত পৰিছে যদিও এতিয়াও মুকলি আকাশৰ তলত আছে গেংটোৰ কেইবাজনো সদস্য ৷ উল্লেখযোগ্য যে উপ আৰক্ষী অধিক্ষক ৰূপজ্যোতি কলিতা, দুধনৈ আৰক্ষী থানা আৰু মাটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ক্ৰমে- মুকুট কাকতি আৰু জ্যোতিপ্ৰসাদ সন্দিকৈৰ নেতৃত্বত চলিছিল অপহৰণকাৰীৰ বিৰুদ্ধে এই অভিযান ৷ দিনে নিশাই অপহৃত ব্যৱসায়ী জনক উদ্ধাৰৰ লগতে অপহৰণকাৰীৰ বিৰুদ্ধে দুধনৈ, মাটিয়া আৰু মেঘালয় আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল, যাৰ ফলস্বৰূপে অপহৃত ব্যৱসায়ী গৰাকীক উদ্ধাৰৰ লগতে অতি কম সময়ৰ ভিতৰতে অপহৰণকাৰী গেঙৰ সাতগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

No comments