সঞ্জীৱ দাস, ভৱানীপুৰ, ৫জানুৱাৰী : ভৱানীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ,বিজেপি,অগপ, ৰাইজৰ দল,এজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱ...
সঞ্জীৱ দাস, ভৱানীপুৰ, ৫জানুৱাৰী : ভৱানীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ,বিজেপি,অগপ, ৰাইজৰ দল,এজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ চলোৱাৰ সমান্তৰালভাৱে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলেও। উল্লেখ্য যে আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতন প্ৰেক্ষাগৃহত অনুষ্ঠিত ইউপিপিএলৰ ভৱানীপুৰ ব্লক সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভাত ভৱানীপুৰ বিধানসভা সমষ্টিত দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ আলোচনা হোৱা বুলি ব্লক সমিতিৰ সভাপতি বশিষ্ঠ চৌধুৰী আৰু সাধাৰণ সম্পাদক মহিবুল হকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। কাৰ্যনিৰ্বাহক সভা অন্ত পৰাৰ পিছত ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে - "বিটিচি চৰকাৰ গঠনত ইউপিপিএল, বিজেপি,জিএছপি একগোট হৈ যিহেতু চৰকাৰ গঠন কৰিছে ,তেনেস্থলত আগন্তুক অসমৰ বিধানসভা নিৰ্বাচনত তিনিওটা দলে কেনেদৰে প্ৰতিদ্বন্দিতা কৰিব বা মিত্ৰতাৰ ক্ষেত্ৰত দলৰ উৰ্ধতন কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব।দলৰ উৰ্ধতন কৰ্তৃপক্ষ সিদ্ধান্তক সন্মান জনাই গ্ৰহণ কৰা হ'ব। কিন্তু ভৱানীপুৰ বিধানসভা সমষ্টিত ইউপিপিএল দল অধিক শক্তিশালী হৈছে"।আজিৰ কাৰ্যনিৰ্বাহক সভাত নিজ ভৱানীপুৰ গাওঁ পঞ্চায়তৰ নিৰ্দলীয় সদস্য মিণ্টু বৈশ্য, বিজেপি কৰ্মী বিপুল কলিতা,মানৱ তালুকদাৰ,ধ্ৰুৱ দাসে ইউপিপিএল দলত যোগদান কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ইউপিপিএলৰ ভৱানীপুৰ ব্লক সমিতিৰ সভাপতি-সম্পাদকে। কাৰ্যনিৰ্বাহক সভাত ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মছাহাৰী,দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুৰেশ সৰকাৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য প্ৰদীপ সৰকাৰ,দলৰ যুৱ শাখাৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৱে পৰ্য্যবেক্ষকৰূপে উপস্থিত থাকে।
No comments