Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২১ৰ নিৰ্বাচন হ'ব 'ভাৰত মাতা কী জয়' আৰু 'জয় আই অসম'ৰ মাজত : ভাস্ক ডি শইকীয়া ৷

  ডবকাৰ পৰা কফিল বৰভুঞা, ২০ জানুৱাৰী:   যমুনামুখ সমষ্টিৰ ডবকাত আজমলৰ বৰঘৰ কপালে ৰাইজৰ দলে ৷ আজি হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ডবকা-ডিফু বাইপা...


 ডবকাৰ পৰা কফিল বৰভুঞা, ২০ জানুৱাৰী:  যমুনামুখ সমষ্টিৰ ডবকাত আজমলৰ বৰঘৰ কপালে ৰাইজৰ দলে ৷ আজি হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ডবকা-ডিফু বাইপাছৰ সমীপৰ পথাতৰ ৰাইজৰ দলৰ যোগদান সমাৰোহ অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিৰ পূৰ্বে  গায়ন বায়ন বিহু নৃত্যৰে ৰাইজৰ দল আৰু কৃষক মুক্তিৰ নেতৃত্বক আদৰণি জনোৱা হয় ৷ উল্লেখ্য যে, আজিৰ ৰাইজৰ দলৰ যোগদান সমাৰোহখন ৰাইজৰ দলৰ কোন্দ্ৰীয় সমিতিৰ সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰীৰ আহ্বানত অনুষ্ঠিত হৈছিল ৷ ৰাইজৰ দলৰ আজিৰ যোগদান সমাৰোহত কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত থকা দেখা গ'ল ৷সভাস্থলীৰ পৰা ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়া আৰু  কৃষক মুক্তিৰ নেতা ৰাজু বৰাই অহা নিৰ্বাচনত আজমলপুত্ৰৰ দখলত থকা সমষ্টিত ৰাইজৰ দলে উৎসাত কৰিব বুলি হুংকাৰ কৰে ৷ সভাত বিজেপিৰ নিচিনা সমানে কংগ্ৰেছ -এআইইউডিএফ সাম্প্ৰদায়িক বুলি আখ্য দিয়ে শইকীয়াই ৷ কনো কাৰণতে ৰাইজৰ দলে মিত্ৰজোঁটক সমৰ্থন নকৰে বুলি ৰাজু বৰাৰ লগতে ভাস্কো ডি শইকীয়াই মন্তব্য কৰে ৷ সভাত কেন্দ্ৰীয় সম্পাদিকা দিলোৱাৰা চৌধুৰীয়ে অহা নিৰ্বাচনত যমুনামুখৰ পৰা এআইইউডিএফ দলক উৎসাত কৰিবলৈ ৰাইক আহ্বান জনায় ৷বিজেপিয়ে অসমত হিন্দু- মুছলমান কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে ৷ অসমত সাম্প্ৰদায়িকতা নি:শেষ কৰিবলৈ হ'লে ৰাইজৰ দলক ২০২১ ৰ বিধানসভা নিৰ্বাচনত ভোট দিব লাগিব বুলি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে সভাত মন্তব্য কৰি পুনৰ কয় - অহা ২০২১ চনৰ নিৰ্বাচনত অসমত 'ভাৰত মাতাকী জয়' আৰু 'জয় আই অসম'ৰ মাজত সভ্যতাৰ যুঁজ চলিব ৷ এই সভাৰ পৰা অখিল গগৈক মুক্তিৰ দাবী তুলে ৰাইজৰ দলৰ নেতা কৰ্মী সকলে ৷ ভাস্কো ডি শইকীয়াই শাসকীয় দলৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা কৰি কয়- অহা 21 ৰ বিধানসভা নিৰ্বাচন কোনো দুটা সভ্যতাৰ মাজৰ যুঁজ নহয়, ২১ ৰ নিৰ্বাচনত কোন মোগল হাৰিব তাক লৈ নহয়, ২১ৰ বিধানসভা নিৰ্বাচন হ'ব 'ভাৰত মাতা কি জয় ' আৰু 'জয় আই অসম'ৰ মাজত বুলি মন্তব্য কৰে - ভাস্কো ডি শইকীয়াই ৷আজিৰ সভাত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, জিতুল ডেকা, সা: সম্পাদক ৰুবুল দাস, কেন্দ্ৰীয় সা:সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰী, কৃষক মুক্তিৰ ৰাজ্যিক সভাপতি ৰাজু বৰা, নগাঁও জিলাৰ ৰাইজৰ দলৰ সা: সম্পাদক নিলমনি শইকীয়াসহ বহু কেইজন নেতা  উপস্থিত আছিল ৷

No comments