Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিশুৰ কলৰৱত মুখৰিত ৰঙাজান; জিলা ভিত্তিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী পাল

মাইনু মৰাণ,ডুমডুমা, ৩১ জানুৱাৰী: তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ উদ্যোগত, ৰঙাজান শাখা মইনা পাৰিজাত আৰু ৰঙাজান বিষ্ণু জ্যোতি শিশু বিকাশ কেন্দ্ৰ...


মাইনু মৰাণ,ডুমডুমা, ৩১ জানুৱাৰী: তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ উদ্যোগত, ৰঙাজান শাখা মইনা পাৰিজাত আৰু ৰঙাজান বিষ্ণু জ্যোতি শিশু বিকাশ কেন্দ্ৰৰ সহযোগত তিনিচুকীয়া জিলা ভিত্তিত আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। ৰঙাজানৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ সমীপৰ ৰঙাজান বিষ্ণু জ্যোতি শিশু বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত জন্ম জয়ন্তীৰ পতাকা তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ সভাপতি লুইত দাসে উত্তোলন কৰাৰ পিছতে গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে এক নং তেজী পথাৰ জেউতি মইনা পাৰিজাতৰ মইনা ৰাশি হাজৰিকাই। পুৱা ৯-৩০ বজাৰ পৰা আমন্ত্ৰিত শিশু শিল্পী সকলৰ দ্বাৰা বিষ্ণু ৰাভা সংগীত আৰু সংগীতৰ আধাৰত সৃষ্টিশীল নৃত্য, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। কাৰ্যসূচী উদ্বোধন কৰে কাকপথাৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন বড়াই। ৰঙাজান বিষ্ণু জ্যুতি শিশু বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক তথা সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন ৰাজ্যিক সদস্য মনোৰঞ্জন মৰানে পৰিচালনা কৰা আমন্ত্ৰিত শিশু শিল্পী সকলৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানত  তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ অধীনস্থ এক নং তেজী গাঁও জেউতি শাখা মইনা পাৰিজাত, কাকপথাৰ শাখা মইনা পাৰিজাত, কাকপথাৰ সূৰুজমুখী মইনা পাৰিজাত, ফিলবাৰী মইনা পাৰিজাত, প্ৰতিভা সন্ধানী মইনা পাৰিজাত, মেগেলা, ৰঙাজান শাখা মইনা পাৰিজাত, ডাঙৰী জ্যুতি বিদ্যাপীঠ শাখা মইনা পাৰিজাত, অংকুৰন মইনা পাৰিজাত, গৰীয়াটিং, উৱন পোহৰ সন্ধানী মইনা পাৰিজাত, হিজুগুৰি অংকুৰন মইনা পাৰিজাত, ডিগবৈ আৰোহণ মইনা পাৰিজাত, আলোক মইনা পাৰিজাত, লুখৰং, আদি বিভিন্ন মইনা পাৰিজাতৰ সহস্ৰাধিক মইনা, কিশোৰ কিশোৰী, পৰিচালক পৰিচালিকাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীত গাই, গীতৰ আধাৰত নৃত্য কৰি ৰঙাজান অঞ্চল  মুখৰিত কৰি তোলে। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী উদযাপন কৰি উলহ মালহেৰে পালন কৰা বিষয়টোয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। উদ্যোগতা সকলে সদৰী কৰামতে "প্ৰবাদ পুৰুষ সকলৰ ভিতৰত অন্যতম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আৰু ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনত ৰাজ্যত উলহ মালহ কৰি আয়োজন কৰে। কিন্তু আন মনীষী সকলৰ জন্ম জয়ন্তী আয়োজন কৰে। তেনেক্ষেত্ৰত এই প্ৰবাদ পুৰুষ দুজনৰো জন্ম জয়ন্তী উলহ মালহেৰে উদযাপন কৰি তেখেত সকলৰ আদৰ্শ প্ৰতিষ্ঠা কৰি সৃষ্টিৰাজী প্ৰসাৰ আৰু প্ৰচাৰ কৰা উচিত। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী উদযাপন কৰাৰ সমান্তৰাল ভাৱে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি কৰা হব।" ইপিনে, দিনৰ ভাগত তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ জিলা সভাপতি লুইত দাসৰ সঞ্চালনাত মুকলি সভা আৰু কলাগুৰু বিষ্ণু ৰাভাৰ জন্ম জয়ন্তী সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰা হয়। শিশু ভাস্কৰ হেমন্ত ৰাজ মৰানে উদ্বোধন কৰা আৰু মনোৰঞ্জন মৰানে আঁত ধৰা মুকলি সভাত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক হৰেন ডেকা, ৰাজ্যিক সদস্য তথা মইনা পাৰিজাতৰ  সক্ৰিয় কৰ্মী অমৃত ফুকন,  তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি বেদ বড়া, শিশু বন্ধু পুণ্যলতা বৰুৱা খনিকৰ, নিত্যা গগৈ, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক অৰ্জুন বৰুৱা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী শিক্ষা সম্পাদক তপন মৰাণ, ডুমডুমা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পদ্মজিৎ মৰাণ, অধ্যাপক দ্বিজেন শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সভাপতি সুৰজিত মৰাণ, শিক্ষক ৰাতুল শৰ্মা, ৰক্তিম হাজৰিকা, জিলা মইনা পাৰিজাতৰ উপ সভাপতি ৰুনুমণি দত্ত ভূঞা, সুৰেন হাজৰিকা, সম্পাদক জিতুল সোণোৱাল আদি উপস্থিত আছিল।  উল্লেখযোগ্য যে, মুকলি সভাত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী উদযাপনৰ দাতা শিশু ভাস্কৰ হেমন্ত ৰাজ মৰানক তিনিচুকীয়া জিলা মইনা পাৰিজাত, হিজুগুৰি অংকুৰন মইনা পাৰিজাতে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত উপস্থিত ৰাইজে, মইনা সকলে  আগন্তুক সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৩১ জানুৱাৰী লগতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ১৭ জুনত জন্ম জয়ন্তী উদযাপন কৰাৰ সংকল্প গ্ৰহণ কৰে। সভাত উপস্থিত দল সংগঠন সমূহে অনাগত দিনত প্ৰবাদ পুৰুষ দুজনাৰ জন্ম জয়ন্তী উদযাপনৰ মত পোষণ কৰাৰ লগতে সহযোগিতা আগবঢ়োৱাৰ মতামত প্ৰকাশ কৰে। উল্লেখযোগ্য যে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী উদযাপন কৰাৰ খবৰ লাভ কৰি বিষ্ণুৰ প্ৰসাদ ৰাভাৰ পুত্ৰ হেম ৰাজ ৰাভাই উদ্যোগতা সকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।

No comments