Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছমৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ভূমিহীন লোকক পট্টা বিতৰন

গনবাৰ্তা বকো, ৭ জানুৱাৰী : কামৰূপ জিলাৰ ভূমি উপদেষ্টা সমিতিৰ যোৱা ২৮/৯/২০২০ ইং তাৰিখৰ বৈঠক সমিতয়ে অনুমোদন জনোৱা প্ৰস্তাৱ মৰ্মে ছমৰীয়া ৰাজহ চ...


গনবাৰ্তা বকো, ৭ জানুৱাৰী : কামৰূপ জিলাৰ ভূমি উপদেষ্টা সমিতিৰ যোৱা ২৮/৯/২০২০ ইং তাৰিখৰ বৈঠক সমিতয়ে অনুমোদন জনোৱা প্ৰস্তাৱ মৰ্মে ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ ১৭/০৩/২০২০ তাৰিখৰ চি এম আৰ চি /ব্যক্তিগত ১০/২০২০/৮২৭ চিঠি যোগে প্ৰেৰন কৰাত আজি কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ভূমিহীন লোকৰ মাজত এখনি পট্টা বিতৰনী সভা অনুষ্ঠিত কৰা হয় ৷ এই উপলক্ষে ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অদিতি গগৈ আৰু গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজাই ছমৰীয়া ৰাজহ চক্ৰৰ প্ৰায় ৭৪ গৰাকী ভূমিহীন লোকক মাটিৰ পট্টা বিতৰন কৰে ৷ উক্ত অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিলোপম দাস, সাধাৰণ সম্পাদক সুকুমাৰ মেধি, ছমৰীয়া ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া জিয়াউৰ ৰহমান , লাট মণ্ডল পদৰ দৈমাৰী, এচ কে প্ৰদীপ কুমাৰ ৰয়, মৌজাদাৰ ৰবিউল হুছেইন চৌধুৰী, কুমুদ চৌধুৰী প্ৰমুখ্যে ব্যক্তি সকলে উপস্থিত থাকে ৷

No comments