Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গৌৰীপুৰত বদৰুদ্দিন আজমলৰ সমষ্টি ভিত্তিক জন সমাৱেশ

  গণবাৰ্তা, গৌৰীপুৰ ২০ জানুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত  আজি ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ডুমৰদহ অঞ্চলত এ আই ইউ ডিএফ দল...

 


গণবাৰ্তা, গৌৰীপুৰ ২০ জানুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত  আজি ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ডুমৰদহ অঞ্চলত এ আই ইউ ডিএফ দলে নিৰ্বাচনী এক কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত  হয়। আজি দুপৰীয়াৰ ভাগত সমষ্টিটোৰ ডুমুৰডহত সমষ্টি ভিত্তিক জন সমাৱেশত মুখ্য অতিথিৰূপে উপস্থিত থকা এআইইউডিএফ সভাপতি তথা ধুবুৰীৰ স্থানীয় সাংসদ বদৰুদ্দিন আজমলে নিজৰ ভাষণত  বিজেপি দলক আক্ৰমণৰ লক্ষ্য হিচাবে লোৱা দেখা যায়। পিছত আজমলে  আগন্তুক বিধানসভা নিৰ্বাচনত  কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মহাগট বন্ধনে অসমত আগন্তুক দিনত ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি দাৱী কৰা দেখা যায়। আনহাতে আসন ভাগ বতৰা সন্দৰ্ভত এ আই ইউ ডি এফৰ সভাপতি গৰাকীয়ে কয় যে, ‘যোৱাকালি মহাজোঁট তথা গোটবন্ধন হোৱাটো ঘোষিত হ’ল আৰু আজিৰ পৰা কাম আৰম্ভ হ’ব।দলবোৰৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা হ’ব আৰু আগলৈ গৈ সকলো ঠিক হৈ পৰিব।’

আনহাতে ৰাইজৰ দল আৰু অসম গণ পৰিষদ নামৰ দুয়োটা দল ‘কা’ আইন বিৰোধী যদিও'কা’ আইনৰ সমৰ্থক বিজেপিক ভিতৰি ভিতৰি সমৰ্থন দিয়া বুলি কোৱাৰ লগতে ৰাইজে যাতে আগলৈ গৈ কোনো ধৰনৰ বিভ্ৰান্ত নহয় সেই দিশটোলৈ চিন্তা–চৰ্চা কৰি  উক্ত আইন বিৰোধী সকলক  মহাজোঁট বন্ধনত চামিল হোৱাৰ বাবে বদৰুদ্দিন আজমলে আহ্বান জনায়।লগতে এ আই ইউ ডি এফ সভাপতিগৰাকীয়ে মাথো দুই তিনিমাহ পূৰ্বে অসমত জন্ম লভা দুটা ৰাজনৈতিক দল আজিলৈ বহু ঠাইত জিলা কমিটি গঠন কৰিবলৈ সক্ষম নোহোৱা বুলি কোৱাৰ লগতে দল দুটাই মহাজোঁটত চামিল নহলে আগন্তুক নিৰ্বাচনত  দল দুটাই ক্ষতিৰ সন্মুখীন হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে।আজিৰ গণ সমাৱেশত গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান ধুবুৰী বিধায়ক নজৰুল হককে ধৰি বহুকেইগৰাকী নেতা অংশ লোৱাৰ উপৰিও সমাৱেশত সহস্ৰাধিক লোক উপস্থিত হোৱা দেখা যায়।

No comments