Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধিং - বটদ্ৰৱাত স্বচ্ছ ভাৰত অভিযানৰ শৌচালয় নিৰ্মাণত বৃহৎ কেলেংকাৰী আৰু অনিয়ম

 গণ বাৰ্তা, ধিং, ২১ জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ এটা অভিলাষী আঁচনি হৈছে স্বচ্ছ ভাৰত অভিযান আচঁনি । স্বচ্ছ ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ সমষ্টিয়ে ...


 গণ বাৰ্তা, ধিং, ২১ জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ এটা অভিলাষী আঁচনি হৈছে স্বচ্ছ ভাৰত অভিযান আচঁনি । স্বচ্ছ ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে নিৰ্মাণ কৰা হৈছে অনাময় আঁচনিৰ শৌচালয় । এই শৌচালয় সমূহ প্ৰকৃতাৰ্থত কেনেদৰে নিৰ্মাণ কৰা হৈছে ? ৰাইজৰ ব্যৱহাৰৰ উপযোগী হৈ আছে নে এই বিষয়ে খবৰ ৰাখিছে নে চৰকাৰ কিম্বা বিভাগে ? হাতেৰে চুলেই বাগৰি পৰে স্বচ্ছ ভাৰত অভিযান আচঁনিৰ অধীনত নিৰ্মাণ কৰা শৌচালয়ৰ দেৱাল । হাতেৰে ফালি দিব পাৰি টিন পাত । আপুনি বিশ্বাস নকৰিলেও বাস্তৱত এয়াই সঁচা কাহিনী । নগাওঁ জিলাৰ বৃহত্তৰ ধিং - বটদ্ৰৱাত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণ কৰা শৌচালয় সমূহৰ অৱস্থা এয়া । এই শৌচালয় সমূহ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰী সকলে । বিশেষকৈ নগাঁও জিলাৰ ধিং আৰু বটদ্ৰৱা সমষ্টিত এই দুৰ্নীতিয়ে চুড়ান্ত ৰূপ লৈছে । এই শৌচালয় সমূহত ব্যৱহৃত সামগ্ৰী সমূহ অতিকৈ নিম্নমানৰ । শৌচালয় সমূহৰ দেৱাল হাতেৰে চুলেই খহি পৰে । হাতেৰে ফালি দিব পাৰি শৌচালয়ত ব্যৱহাৰ কৰা টিন পাত । শৌচালয়ত লগাইছে পচা কাঠ আৰু বাঁহ । যাৰ ফলস্বৰূপে শৌচালয়ৰ  ৱাল ভাঙি ভাঙি বহু কেইটা ঘটনাও সংঘটিত হৈছে ইতিমধ্যে । ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া আৰু ঠিকাদাৰে মিলি চলাইছে এই লুন্ঠন ৰাজ । ৰাইজে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ । অধিকাংশ হিতাধিকাৰীয়ে এই সমূহ শৌচালয় ব্যৱহাৰ কৰিবলৈ  হোৱা নাই সক্ষম । সেয়ে ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ ৰাইজে দাবী জনাইছে ।


No comments