ছয়গাঁও, ২৫ জানুৱাৰী : ভোটাৰ সকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে আজি কামৰূপ জিলাৰ ছয়গাঁও মহাবিদ্যালয় আৰু ছয়গাঁও ৰ...
ছয়গাঁও, ২৫ জানুৱাৰী : ভোটাৰ সকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে আজি কামৰূপ জিলাৰ ছয়গাঁও মহাবিদ্যালয় আৰু ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় প্ৰাংগণত এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত ছয়গাঁও শিল্পী সমাজৰ সদস্যৰ দ্বাৰা এই বাটৰ নাটখনি মঞ্চস্থ কৰা হয় । প্ৰদৰ্শিত বাটৰ নাট খন ৰচনা তথা পৰিচালনা কৰে বিপুল ডাকুৱাই । এই বাটৰ নাট মঞ্চস্থ হোৱাৰ আগমূহুৰ্তত এটি সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে ভোট দিয়ক ভোট দিয়ক, ভোট আমাৰ গণতান্ত্রিক অধিকাৰ , চবেই মিলি ওলাই আহক আদি বিভিন্ন শ্লোগান দিয়ে ।
No comments