Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মানকাচৰৰ কালাপানীত দলং ভাঙি ট্ৰেক্টৰ পৰিল নদীত; আহত চালক।

  মানকাচৰৰ পৰা ফাৰহাদ আহমেদ,৯  জানুৱাৰী:  দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কালাপানীত এখন কাঠৰ দলং ভাঙি ট্ৰেক্টৰ দুৰ্ঘটনা সংঘ...

 


মানকাচৰৰ পৰা ফাৰহাদ আহমেদ,৯  জানুৱাৰী: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কালাপানীত এখন কাঠৰ দলং ভাঙি ট্ৰেক্টৰ দুৰ্ঘটনা সংঘটিত হৈ ট্ৰেক্টৰ চলাক জন আহত হয়। উল্লেখযোগ্য যে জিলাৰ সদৰ হাটশিঙিমাৰী পৰা বয়সাবাৰীত থকা কালাপানী সংযোগী কাঠৰ দলং খনৰ ওপৰেদি ট্ৰেক্টৰ গাড়ী এখন গৈ থকা অৱস্থাত  কালি কাঠৰ দলংখন ভাঙি পৰে। ইফালে ট্ৰেক্টৰ হেণ্ডীমেন জন কোনোমতে কালো নদীত জাপ দি নিজৰ প্ৰাণ ৰক্ষা কৰে যদিও চালক জন গুৰুতৰ ভাবে আহত হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি চলাক জন সংকটমুক্ত বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে কালাপানীৰ বয়সাবাৰীৰ এই কাঠৰ দলং খন অস্থায়ী ভাবে চলাচল কৰাৰ বাবে ঠিকাদাৰে নিৰ্মান কৰি দিছিল। কাৰণ যোৱা বাৰিষাৰ সময়ত ইয়াত থকা মূল কাঠৰ দলং খন মেঘালয়ৰ গাৰো পাহাৰৰ পৰা অহা পানীৰ ঢলে উটুৱাই নিছিল। চৰকাৰে উক্ত স্থানত প্ৰায় দুই কোটি টকাৰে এখন আৰ চি চি দলং নিৰ্মান কৰাৰ বাবে ধন মোকোলাই দিয়াত দলং খন নিৰ্মানৰ কামও চলি থকা পৰিলক্ষিত হৈছে। কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে ৰাইজ যাতায়তৰ বাবে  আৰ চি চি দলংৰ কাষত নিৰ্মান কৰি দিছিল এইখন কাঠৰ দলং। নিম্ন মান সমগ্ৰীৰে এই দলং খন নিৰ্মান কৰি দিয়াৰ বাবে দলং খন ভাঙি পৰাত স্থানীয় ৰাইজ ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে।

No comments