Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আমনিত কংগ্ৰেছৰ দুদিনীয়াকৈ সমষ্টি ভিত্তিক বুথ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

  গন বাৰ্তা চামগুৰি,২ জানুৱাৰী:  নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনিত আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে  কংগ্ৰেছ কৰ্মী সকলৰ প্ৰশিক্ষণ দিয়...


 গন বাৰ্তা চামগুৰি,২ জানুৱাৰী: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনিত আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে কংগ্ৰেছ কৰ্মী সকলৰ প্ৰশিক্ষণ দিয়াৰ বাবে চামগুৰি বিধান সভা সমষ্টি ভিত্তিক বুথ পৰ্যায়ৰ প্ৰতিনিধি ,বুথ পৰ্যায়ৰ সমন্বয়ক,বুথ সেৱক, নিৰ্বাচনী পৰ্যবেক্ষন সমিতি, পুলিং এজেণ্ট, আৰু বুথ সমিতি সমূহৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে ৷ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনিত আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা কংগ্ৰেছ কৰ্মী সকল প্ৰশিক্ষণ দিয়াৰ শিৱিৰ শুভাৰম্ভ অনুষ্ঠানত এখন সংবাদ মেল আয়োজন কৰি প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে কয় যে বিজেপি দলে ৰাইজৰ আগত বিভিন্ন আভুৱা ভৰা কথাকৈ চৰকাৰ কৰিলে তাক ৰাইজে বুজি পাইছে ৷এইবাৰ কংগ্ৰেছৰ নেতৃত্বত মহা জোঁট বন্ধন কৰি আমি চৰকাৰ গঠন কৰিম  বুলি দাবী কৰাৰ লগতে প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগোহাঁই উক্ত সংবাদ মেলত উপস্থিত থাকি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত চৰকাৰী বিদ্যালয়ত শিক্ষা মান যিমান উন্নত হৈছিল বৰ্তমান শিক্ষা মান নিম্ন হৈছে বুলি উল্লেখ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যয়ে কয় যে সৱ কা সাথ সৱ কা বিকাশৰ শ্লোগান দিয়া মোদী চৰকাৰৰ বৰঘৰতেই বৰ্তমান কৃষক সকলে আন্দোলন কৰিব লগাত পৰিছে ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে বুলি উল্লেখ কৰে ৷আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ ভেটি শক্তিশালি কৰাৰ লক্ষ্যৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আজিৰ পৰা চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনি উক্ত প্ৰশিক্ষণ শিৱিৰটোত প্ৰশিক্ষক হিচাপে প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বুঢ়াগোহাঁই বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক জাকিৰ হুছেইন শিকদাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাকে ধৰি বহুকেইজন কংগ্ৰেছ নেতা উপস্থিত থাকি কংগ্ৰেছ কৰ্মী সকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ দুদিনীয়াকৈ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনি অঞ্চলৰ আমনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কংগ্ৰেছ কৰ্মী সকলৰ প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হৈছে ৷ অসমৰ ১২৬ টা বিধান সভা সমষ্টিত দলৰ সাংগঠনিক দিশ সৱল কৰাৰ লক্ষ্যৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ পৰা আৰম্ভ কৰা প্ৰশিক্ষণ শিৱিৰত সমষ্টি ভিত্তিক বুথ পৰ্যায়ৰ প্ৰতিনিধি বুথ পৰ্যায়ৰ সমন্বয়ক বুথ সেৱক নিৰ্বাচনী পৰ্য্যবেক্ষন সমিতি পুলিং এজেণ্ট আৰু বুথ সমিতি সমূহক প্ৰশিক্ষণ দিয়া হব৷

No comments