Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জংকী বৰঠাকুৰৰ মৃত্যুৰ দিনত জোনতৰা কলা কেন্দ্ৰৰ "সোঁৱৰণীৰ সোণালী পাত" অনুষ্ঠান

  গণ বাৰ্তা ,দুমুনিচকী, ১৬ জানুৱাৰী:   ১১ জানুৱাৰী দিনটো আমাৰ পৰিয়ালৰ বাবে দুখৰ দিন।খুব উল্লেখযোগ্য দিন আমাৰ পৰিয়ালৰ। এই দিনটোতে আমাৰ মাজৰ ...


 গণ বাৰ্তা ,দুমুনিচকী, ১৬ জানুৱাৰী:  ১১ জানুৱাৰী দিনটো আমাৰ পৰিয়ালৰ বাবে দুখৰ দিন।খুব উল্লেখযোগ্য দিন আমাৰ পৰিয়ালৰ। এই দিনটোতে আমাৰ মাজৰ পৰা ডাঙৰ প্ৰতিভা কাঢ়ি লৈ গ'ল গোটেই অসমবাসীৰ মাজৰ পৰা।সেই বেদনা গধুৰ  স্মৃতি আমি কঢ়িয়াই আছো -এই মন্তব্য কন্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। উল্লেখ্য যে যোৱা সোমবাৰে কামৰূপ জিলাৰ বেজেৰাত সাংস্কৃতিক অনুষ্ঠান জোনতৰা কলা কেন্দ্ৰৰ উদ্যোগত বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় জংকী বৰঠাকুৰৰ ১৯ সংখ্যক মৃত্যুৰ দিনত "সোঁৱৰণী সোণালী পাত.."নামৰ এক ব্যতিক্ৰমী অনুষ্ঠান। সন্ধিয়া প্ৰায় ৭,৩০ বজাত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ অনুষ্ঠানত আবেগিক হৈ পৰি কয় যে ওঠৰ বছৰ পাৰ হ'ল । ২০০২চনৰ আজিৰ দিনটোতেই আমাৰ মাজৰ পৰা চিৰদিনলৈ আঁতৰি গৈছিল মৰমৰ জংকি । আমাৰ বিয়াৰ আগে আগে সেই সময় আছিল। জংকী সকলো যো জা কৰি তাই চাব নাপালে। সাংস্কৃতিক অনুষ্ঠানত ককায়েক জুবিনৰ সৈতে ভাগ ল'বলৈ গৈ সেই বছৰটোৰ শেষ অনুষ্ঠান আছিল চতিয়াত। ৰাষ্টাতে শেষ নিশ্বাস ত্যাগ কৰিছিল জংকী বৰঠাকুৰে দুৰ্ঘটনাত পতিত হৈ।একে দুৰ্ঘটনাত জুবিনৰ বন্ধু জয়ন্ত পাত্ৰকো কাঢ়ি লৈ গৈছিল নিষ্ঠুৰ নিয়তিয়ে। সেই দিনাৰ দুৰ্ঘটনাৰ কথা মনত পৰিলে আজিও বুকু কপি উঠে। জংকী মাত্ৰ ২৫ টা বছৰ জীয়াই আছিল। সেইখিনি সময়তে ৰাইজক যিমান পাৰে সাংস্কৃতিক জগতখনত বহুত দি থৈ গৈছিল। মঞ্চ নাটকৰ এগৰাকী সাংঘাটিক অভিনেত্ৰী হিচাপে কম সময়তে জনপ্ৰিয় হৈ উঠিছিল। জংকী বৰঠাকুৰে নাটক কৰি বহুত ভাল পাইছিল । তেওঁৰ শিশু নাট পৰিচালনা কৰিবলৈ বহুত ইচ্ছা আছিল। জংকী বৰঠাকুৰ আমাৰ পৰিয়ালৰ নহয় অসমৰ সফল আৰু জনপ্ৰিয় শিল্পী হিচাপে সদায় জীয়াই থাকিব অসমৰ সাংস্কৃতিক মহলত।জোনতৰা কলা কেন্দ্ৰ‌ই জংকী বৰঠাকুৰক মনত ৰখাৰ লগতে নতুন প্ৰতিভা দিয়াৰ বাবে ধন্যবাদ জনায় গৰিমা শইকীয়া গাৰ্গে। লগতে সাধনাৰ মাজৰে যোগাত্মক দৃষ্টিৰে ইতিবাচক চিন্তাৰে জোনতৰা ক'লা কেন্দ্ৰৰ শিল্পী সকলক আগবাঢ়ি জাবলৈ আহ্বান জনায়। জোনতৰা কলা কেন্দ্ৰৰ সম্পাদক কুতুবুদ্দিন আলীয়ে আঁত ধৰা অনুষ্ঠানত অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, পৰিচালক ডা: জয় বৰা, গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকা, পাইঅনিয়াৰ একাডেমীৰ অধ্যক্ষ ৰজনীকান্ত তালুকদাৰ উপস্থিত থাকে। অনুষ্ঠানত আমন্ত্ৰিত শিল্পী ছয়নিকা বৈশ্য, ধ্ৰুৱজ্যোতি বৈশ্য, ডেনিছ আলম আৰু ডিম্পল মৰম উপস্থিত থাকি গীত পৰিবেশন কৰে। অনুষ্ঠানৰ প্ৰথমে জোনতৰা কলা কেন্দ্ৰৰ  শিল্পী সকলে নৱবৰ্ষৰ আশাৰে নামৰ এটি বাৰেৰহনীয়া লোক সাংস্কৃতিৰ অনুষ্ঠান পৰিৱেশন কৰে।

No comments