Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দলগাঁৱৰ অষ্টম শ্ৰেণীৰ ছাত্ৰৰ কাতৰ আহ্বান- অলপ সহায় কৰক, মোক চিকিৎসা কৰি ভাল কৰক, মই বিদ্যালয়লৈ যাম

  গনবাৰ্তা দলগাও, ১৮ জানুৱাৰী:  "মোক  চিকিৎসাৰ বাবে  অলপ সহায় কৰক ,  ভাল হৈ পুনৰ  বিদ্যালয়ত যাম " -এই কাতৰ আহ্বান  দলগাঁৱৰ বুড়িগ...

 


গনবাৰ্তা দলগাও, ১৮ জানুৱাৰী: "মোক  চিকিৎসাৰ বাবে  অলপ সহায় কৰক ,  ভাল হৈ পুনৰ  বিদ্যালয়ত যাম " -এই কাতৰ আহ্বান  দলগাঁৱৰ বুড়িগাঁও  মধ্য ও উচ্চ ইংৰাজী  বিদ্যালয়ৰ  অষ্টম শ্ৰেণীৰ  এজন ছাত্ৰৰ  । নাম আবিদুৰ ৰহমান । কৰোনা মহামাৰীৰ বাবে  দীৰ্ঘদিন ধৰি বন্ধ থকা  বিদ্যালয় সমূহত পুনৰ  পাঠদান আৰম্ভ হৈছে যদিও  বিদ্যালয়ত যাব পৰা নাই আবিদুৰ ৰহমান । কাৰন  ছাইকেলৰ পৰা পৰি ভৰি এখন ভাঙিছে কিশোৰ ছাত্ৰ আবিদুৰ ৰহমানৰ । ফলত পঢ়াৰ প্ৰতি ধাউতি থকা ছাত্ৰজন সমনীয়াৰ সৈতে বিদ্যালয়ত যাব নোৱাৰি ছটফটাই আছে ঘৰতে । এই সম্পৰ্কে ছাত্ৰ জনৰ মাতৃয়ে  বিদ্যালয় কতৃপক্ষক  অবগত কৰে  যদিও   দুখীয়া ছাত্ৰ  জনৰ খবৰ লবলৈ আহৰি নহল কোনো এজন শিক্ষকৰ  । উল্লেখযোগ্য যে   খাৰুপেটীয়াৰ খগজানী গাঁৱৰ  দিন হাজিৰা কৰা  বিকলাংগ পিতৃ ও অসহায়  মাতৃয়ে  অৰ্থৰ অভাৱত বিগত তিনি মাহ ধৰি অচল হৈ থকা নিজ পুত্ৰক  দিব পৰা নাই  উন্নত চিকিৎসা  । ভৰি ভাঙি চকুৰ সন্মুখতে ছটফটাই থকা পুত্ৰক উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন অৰ্থৰ । অৰ্থ সংকটত ভোগা অসহায়  দৰিদ্ৰ পিতৃ মাতৃয়ে  পুত্ৰক পুনৰ বিদ্যালয়মুখী কৰাৰ বাবে সদাশয় ব্যক্তি কিম্বা দল সংগঠনৰ পৰা বিছাৰিছে আৰ্থিক সহায় সাহাৰ্য্য । সদাশয় হৃদয়ৱান লোকে UCO Bank   Account no 08723211542964 ( Ataur Rahman) IFSC UCBA 0000872  খাৰুপেটীয়া শাখাৰ যোগে  অথবা 6900624304 নম্বৰত যোগাযোগ কৰাৰ বাবে কতৰ   আহ্বান জনাইছে দৰিদ্ৰ পিতৃ মাতৃয়ে ।

No comments