Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উন্নয়নৰ বাৰ্তা লৈ যোৰহাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; যোৰহাটৰ দ্বিতীয়খন উৰনীয়া সেতুৰ নিৰ্মানৰ শুভাৰম্ভ

গণবাৰ্তা বিশেষ, যোৰহাট ১০ জানুৱাৰী:- যোৰহাট জিলাৰ সামগ্ৰীক উন্নয়নৰ বতৰা লৈ আজি যোৰহাটত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য, বিত্ত, গড়কাপ্তানী আদি দ...


গণবাৰ্তা বিশেষ, যোৰহাট ১০ জানুৱাৰী:- যোৰহাট জিলাৰ সামগ্ৰীক উন্নয়নৰ বতৰা লৈ আজি যোৰহাটত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য, বিত্ত, গড়কাপ্তানী আদি দপ্তৰৰ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা । আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপত নিৰ্মান হ'ব লগীয়া উৰনীয়া সেতুৰ নিৰ্মান কাৰ্য্য আজি  শুভাৰম্ভ কৰে মন্ত্ৰী জনে । শুভাৰম্ভ কাৰ্য্যসুচীত অংশগ্ৰহন কৰি মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি যোৰহাটৰ বাবে এটা অত্যন্ত সৌভগ্যৰ দিন । আজি যোৰহাটত দ্বিতীয় খন উৰনীয়া সেতুৰ নিৰ্মানৰ কাম আৰম্ভ কৰা হৈছে । মন্ত্ৰী জনে ন আলিত নিৰ্মান হৈ থকা প্ৰথম খন উৰনীয়া সেতুৰ প্ৰসংগত কয় যে প্ৰথম খন উৰনীয়া সেতুৰ আধাৰশিলা স্থাপন কৰোতে একাংশই এয়া বিজেপি দলৰ ভেকো ভাওনা বুলি কৈছিল যদিও চৰকাৰে কামেৰে তাৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয় আৰু উৰনীয়া সেতু খনৰ নিৰ্মানৰ কাম ৬৫ শতাংশ সম্পূৰ্ণ হৈছে  । বিগত ৫ টা বৰ্ষত যোৰহাটৰ জীৱনলৈ বহু পৰিবৰ্তন আহিছে । এই চৰকাৰৰ দিনতে যোৰহাটৰ বাট পথ সমূহে প্ৰাণ পাই উঠিছে বুলি মন্তব্য কৰি মন্ত্ৰী জনে কয় যে যোৰহাটত প্ৰায় ৩০০ কিল'মিটাৰ পথ পকীকৰন হৈছে । আজি আৰম্ভ কৰা দ্বিতীয়খন উৰনীয়া সেতু নিৰ্মান ২৪ মাহত সম্পূৰ্ণ হ'ব বুলিও মন্তব্য কৰে । মন্ত্ৰী জনে ৰাজ্য চৰকাৰে উন্নয়ন আৰু বিকাশৰ বাবে প্ৰতিদিনে কাম কৰিছে বুলি নিজৰ ভাষনত মন্তব্য কৰি কয় যে চৰকাৰে লুঙি ধুতি সুতাৰ পৰিৱৰ্তে শিক্ষাৰ দ্বাৰা পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছে | সেয়ে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি বিনামুলীয়া কৰা হ'ল । যাৰ ফলত ২০ লাখ ছাত্ৰ ছাত্ৰীয়ে বিনামুলীয়াকৈ নামভৰ্তি কৰাৰ সুযোগ পালে। উচ্চতৰ মাধ্যমিকলৈকে পাঠ্যপুথি বিনামুলীয়া কৰা হ'ল আৰু ডিগ্ৰী লেভেলৰ বাবে ২০ ৰ পৰা ২৫ দিনৰ ভিতৰত ডিগ্ৰী পঢ়া প্ৰতিজন ছাত্ৰ ছাত্ৰীক পাঠ্যপুথিৰ বাবে তেওলোকৰ বেংক একাউন্টত পোন্ধৰশ টকাকৈ দিয়া হব আৰু হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীৰ বাবেও প্ৰতিবছৰে ১০ হাজাৰ টকাকৈ দিয়া হব,  আনহাতে কলেজত যিমান দিন ক্লাছ কৰিব সিমান দিন প্ৰতিজন ছাত্ৰ ছাত্ৰীক ১০০ টকাকৈ প্ৰদান কৰা হব বুলি ঘোষনা কৰে মন্ত্ৰী জনে । ৰাজ্য চৰকাৰে অসম খনক দেশৰ পাঁচ খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰিবলৈ কাম কৰিছে | বিগত বৰ্ষত বিশ্বৰ সৰ্বত্ৰে ক'ৰোনা মহামাৰীৰ সন্ত্ৰাসত স্থবিৰতা আহিছিল সেইসময়ত অসমত  কভিডৰ লগত যুদ্ধ কৰাৰ সমান্তৰাল ভাৱে অৰুনোদয় অৰুন্ধতী স্বয়ম আদিৰ দৰে আচনি ৰূপায়ন কৰি উন্নয়নৰ গতি বৰ্তাই ৰাখিছিল । দেশত কভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ দিশতো ৰাজ্য খন সৰ্বনিম্ন । ইয়াৰোপৰি স্বাস্থ্যৰ দিশত ৰাজ্যখনত এই পৰ্য্যন্ত ৬ হাজাৰ জটিল ৰোগত আক্ৰান্ত  শিশুক বিনামুলীয়া চিকিৎসা প্ৰদানৰ দ্বাৰা সুস্থ কৰা হয় ।স্বাস্থ্য শিক্ষাৰ সমান্তৰাল ভাৱে মহিলা সৱলীকৰনৰ দিশ চিন্তা কৰি অৰুনোদয় আচনিৰ জড়িয়তে ২২ লাখ মহিলাৰ একাউন্টত টকা জমা দিয়া হয় । মাইক্ৰ'ফাইনেঞ্চ প্ৰতিস্থানৰ দালালী বন্ধ কৰিবৰ বাবে বিধান সভাত আইন প্ৰণয়ন কৰি মহিলা সকলক সকাহ দিয়াৰ লগতে মহিলা গোটলৈ ৫০ হাজাৰ টকা আগবঢ়োৱা হৈছে ।একেদৰে স্বয়ম আচনিৰ জড়িয়তে যুৱক সকলৰ গোট সমূহৰ প্ৰতিজন যুৱক বেংক একাউন্টত ১০ দিনৰ ভিতৰত ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হব । ৰাজ্যত চিকিৎসা বিজ্ঞানৰ আসন ১০০০ লৈ বৃদ্ধি কৰা হল | মন্ত্ৰী জনে উন্নয়নৰ সকলো দিশৰ বিষয়ে মন্তব্য কৰি প্ৰসংগক্ৰমে কয় যে যোৰহাট মাজুলী সংযোগী দলংৰ কামো দুই এদিনতে আৰম্ভ হব । ৰাজ্যবাসীয়ে দিয়া মৰমৰ বাবেই এই সকলো সম্ভৱ বুলি মন্তব্য কৰি অসমীয়াৰ জন্ম কেৱল অসম্ভৱক সম্ভৱ কৰিবলৈ হোৱা বুলি কয় মন্ত্ৰী জনে । অসমবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিক বিশ্বাসত লৈছে আৰু সেই বাবেই বিগত পাঁচটা বছৰ শান্তি আৰু সমন্বয়ৰ বছৰ হৈ পৰিল । সত্ৰ সংস্কৃতিক জিলিকাই তোলা হৈছে আৰু অনাগত দিনত ৰাজ্যৰ সকলো নামঘৰ সজাই তোলা হ'ব । যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে অসম  বিধান সভাৰ অধ্যক্ষ হিচাপে নিৰপেক্ষতাৰে কাম কৰি যোৰহাটক গৌৰৱাম্বিত  কৰি তুলিলে বুলি মন্তব্য কৰি মন্ত্ৰী জনে কয় যে যোৰহাটত জন্ম গ্ৰহন কৰা এজন ব্যক্তি হিচাপে তেওঁ গৌৰৱাম্বিত । অনুস্থানত অংশ গ্ৰহন কৰি বিধান সভাৰ অধ্যক্ষ তথা যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাটলৈ আগবঢ়োৱা অনুদান সমূহৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি হিমন্ত বিশ্বৰ অবিহনে  ৰাজ্যৰ উন্নতিৰ কথা চিন্তা কৰিব নোৱাৰি বুলি মন্তব্য কৰে ।

আজি সভাতে পূৰ্বে বিনামুলীয়া চিকিৎসা গ্ৰহন কৰি সুস্থ হোৱা এজন শিশুৱে মাতৃৰ লগত আহি জীৱনদান দিয়া বাবে সম্বৰ্ধনা জনাই মন্ত্ৰী ডঃ শৰ্মাক ।আজিৰ অনুস্থানতে যোৰহাটৰ গড়মুৰত নিৰ্মান হব লগীয়া আঞ্চলিক ফৰেনিক বিজ্ঞানাগাৰটোৰ নিৰ্মান কাৰ্য্যও শুভাৰম্ভ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠান  মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোক উন্নয়ন বিভাগৰ আয়ুক্ত ৰাজেশ কেমপ্ৰাইৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে| আনহাতে সভাৰ পূৰ্বে  যোৰহাট চহৰৰ মাজেৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক লৈ বিজেপি যোৰহাট জিলা যুৱ মৰ্চাই বাহিৰ কৰা বাইক ৰেলীয়ে কপাই যোৰহাটৰ আকাশ বতাহ| যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা আৰম্ভ হোৱা বিশাল ৰেলীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে স্কুটী চলাই জেইল ৰোডেৰে আহি সোনাৰী গাঁওৰ মাজেৰে এটি ৰোডৰে ট্ৰাক ষ্টেণ্ড হৈ পুৰনা বালিবাটেৰে গড়আলি, কেবিৰোড হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপত অনুস্থিত ৰাজহুৱা সভাত উপস্থিত হয়| হাজাৰ হাজাৰ দলীয় যুৱ কৰ্মীয়ে অংশ লোৱা ৰেলীত যোৰহাটবাসীয়ে স্বতঃস্ফুৰ্ত ভাৱে পথৰ কাষলৈ আহি ফুল ছটিৱাৰ লগতে মালা পিন্ধাই উষ্ম আদৰনি জনাই মৰমৰ নেতা জনক| প্ৰায় ১০ কিল'মিটাৰ জোৰা বাইক ৰেলীৰ সময়চোৱাত বিজেপি জিন্দাবাদ হিমন্ত বিশ্ব জিন্দাবাদ ধ্বনিৰে যোৰহাটৰ পৰিবেশ কপাই তোলে দলীয় কৰ্মী সকলে|

No comments