Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডবকাৰ বয়োজেষ্ঠৰ আশ্ৰমত শীতৰ কাপোৰ বিতৰণ

  মাহমুদ আলী, নীলবাগান ১০ জানুৱাৰী:  পৰিয়ালৰ পৰা বিতাৰিত হৈ বয়োজেষ্ঠৰ আশ্ৰমত নিজৰ ঠিকনা বিচাৰি পোৱা একাংশ বয়োজেষ্ঠ্য লোকৰ এধানি মৰম বিচাৰি আ...

 


মাহমুদ আলী, নীলবাগান ১০ জানুৱাৰী: পৰিয়ালৰ পৰা বিতাৰিত হৈ বয়োজেষ্ঠৰ আশ্ৰমত নিজৰ ঠিকনা বিচাৰি পোৱা একাংশ বয়োজেষ্ঠ্য লোকৰ এধানি মৰম বিচাৰি আগবাঢ়ি আহিল হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙকে ধৰি আন তিনিগৰাকী সমাজসেৱিকা৷ বয়োজ্যেষ্ঠৰ আশ্ৰমত থকা অকলশৰীয়া লোকসকলক আজি বিভিন্ন সা সামগ্ৰী প্ৰদান কৰি নিজৰ মহানুভৱতা প্ৰদৰ্শন কৰিলে আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ লগতে ফাহমিদা কুইনাইন মজুমদাৰ, দিষ্টিমা গগৈ আৰু মেইলিন ফেইহেম নামৰ আন তিনিগৰাকী সমাজসেৱিকাই ৷ প্ৰচণ্ড শীতৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ দিবলৈ আজি ডবকাস্থিত বয়োজ্যেষ্ঠৰ আশ্ৰমত থকা নিৰাশ্ৰয়া লোকসকলক শীতৰ কাপোৰ বিতৰণ কৰা হয়৷আজি প্ৰনিতা মৰাঙৰ নেতৃত্বত যোৱা দলটিয়ে বয়োজেষ্ঠৰ আশ্ৰমত থকা লোকসকলৰ খা- খৱৰ লোৱাৰ লগতে শীতৰ কাপোৰ, খোৱা-বস্তু আদি বিভিন্ন ধৰণৰ সা-সামগ্ৰী প্ৰদান কৰি মানৱসেৱাৰ নিদৰ্শন দাঙি ধৰে৷হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত সহায় সহযোগিতা লাভ কৰি বয়োজেষ্ঠৰ আশ্ৰমত থকা লোকসকলে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

No comments