Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উৰিয়ামঘাট সীমান্তৰ দুৰ্ভগীয়া লৱ শইকীয়াৰ পৰিয়ালে চিকিৎসাৰ বাবে মূখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু হৃদয়বান লোকৰ পৰা বিচাৰিছে সহায়

  গণ বাৰ্তা, সৰুপথাৰ, ৬ জানুৱাৰী : পত্নী আৰু একমাত্ৰ এখন হুইল চেয়াৰকে সাৰথি কৰি সম্প্ৰতি জীৱনটো অশেষ কষ্টৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে ধনশিৰি ...

 


গণ বাৰ্তা, সৰুপথাৰ, ৬ জানুৱাৰী : পত্নী আৰু একমাত্ৰ এখন হুইল চেয়াৰকে সাৰথি কৰি সম্প্ৰতি জীৱনটো অশেষ কষ্টৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ লৱ শইকীয়া নামৰ এজন ব্যক্তিয়ে ৷ ২০১৮ চনৰ ১২ ডিচেম্বৰত হঠাতে হোৱা এটা দূৰ্ঘটনাত দুয়োটা ভৰি বিকল হৈ পৰাত লৱই জীৱনলৈ নামি আহিছিল কাল অমানিশা । লৱৰ চিকিৎসাৰ নামত গুৱাহাটী, ডিব্ৰুগড়, ডিমাপুৰ আদি সকলোতে চিকিৎসা কৰি সম্পত্তি হিচাপে বাকী ৰৈ যোৱা মাটিখিনিও বিক্ৰী কৰি বৰ্তমান মোমায়েকৰ ঘৰৰ দাতিঁতে এটি সৰুকৈ ঘৰ সাজি  জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷ বৰ্তমান চিকিৎসা কৰিবলৈও এটি ফুটাকৰি নাই দূৰ্ভগীয়া লৱৰ হাতত ৷ কাৰণ লৱ শইকীয়া উপাৰ্জনক্ষম গৈ যোৱাৰ পিচৰে পৰা পত্নী ববী শইকীয়াই হাজিৰা কৰি নাইবা চিলাই কৰি যি দুই এপইছা পাই তাৰেই দুয়োটাই জীৱন পাৰ কৰিবলগীয়া হৈছে ৷ চিকিৎসকৰ মতে, লৱই উন্নত চিকিৎসা ললেই সুস্থ হৈ পৰিব কিন্তু লৱ আৰু ববী উপায়হীন ৷ উন্নত চিকিৎসাৰ বাবে হাতত নাই টকা ৷ সেয়েহে সীমান্তৰ ১নং জয়াপথাৰৰ এই দূৰ্ভগীয়া পৰিয়ালটোক প্ৰয়োজন আপোনাৰ , মোৰ অকণমান সহাঁৰিৰ ৷ আপোনাৰ একান্ত সহায়ে এই পৰিয়ালটোৰ মুখলৈ আকৌ হাঁহি বিৰিঙাব পাৰে ৷ কোনো ইচ্ছুক লোকে যদি যদি সহায় কৰিব বিছাৰে তেতিয়া লৱ শইকীয়াৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ  A/C :- 7233010029351 , IFSC :- UTBI0RRBAGB  নম্বৰত সহায় কৰিব পাৰিব ।  উল্লেখযোগ্য যে, অগপ দলৰ পঞ্চায়তৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱা লৱ শইকীয়াৰ কাষত আজিলৈকে উপস্থিত নহল অসম গণ পৰিষদৰ স্থানীয় প্ৰতিনিধিৰ কোনো লোক ৷ সেয়েহে, বিজেপি শাসনাধিষ্ঠ অসম চৰকাৰক  মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় কৰাৰ আহ্বান জনাইছে লৱৰ পৰিয়ালে ৷

No comments