গণ বাৰ্তা বিশেষ কলগাছিয়া ২৭ কলগাছিয়াৰ আমতলাত পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘৰ(পূৰৱী ডেইৰী) উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। চিকিৎসক ছ...
গণ বাৰ্তা বিশেষ কলগাছিয়া ২৭ কলগাছিয়াৰ আমতলাত পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘৰ(পূৰৱী ডেইৰী) উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। চিকিৎসক ছাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপ প্ৰকল্প সমন্বয়ক ইজাজ আনোৱাৰ, ক্ষেত্ৰ সমন্বয়ক পৰাগ জ্যোতি চহৰীয়া, অংকুৰ ৰয়, ডেইজী কাকতি, ছায়েদ আহম্মদ, নিপ জ্যোতি নাথ প্ৰমুখ্যে ভালে কেইজন সন্মানীয় ব্যক্তি উপস্থিত থাকে । সভাত গো পালন আৰু দুগ্ধ উৎপাদন সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আলোচনা কৰি মকিবুল ইছলাম, মজৰ আলী আৰু আয়নাল হকৰ মাজত বিনামূলীয়াকৈ জনে প্ৰতি এটাকৈ মেচিন বিতৰণ কৰা হয়। পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘৰ এই পদক্ষেপক বিভিন্ন মহলে আদৰণি জনায় আৰু মকিবুল ইছলামে বিনামূলীয়াকৈ এখন মেচিন লাভ কৰি উৎফুল্লিত হৈ পূৱৰী ডেইৰী সংস্থাক ধন্যবাদ জ্ঞাপন কৰে। উক্ত সজাগতা সভাত কেবাজন গন্য মান্য ব্যক্তি উপস্থিত থকাৰ লগতে ডিমাপুৰ গাঁৱৰ শতাধিক গো পালক উপস্থিত থাকে ।
No comments