গণ বাৰ্তা বিশেষ, বিলাসীপাৰা, ১৯ জানুৱাৰী: বিলাসীপাৰাত সোমবাৰে বিয়লি উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী পীযুয হাজৰিকা। বিলাসীপাৰাত কেবাটাও অভিলা...
গণ বাৰ্তা বিশেষ, বিলাসীপাৰা, ১৯ জানুৱাৰী: বিলাসীপাৰাত সোমবাৰে বিয়লি উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী পীযুয হাজৰিকা। বিলাসীপাৰাত কেবাটাও অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে অংশ গ্ৰহণ কৰে এখন ৰাজহুৱা সভাত। সভাত এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়ায় মন্ত্ৰী পিযুষে। মন্ত্ৰী গৰাকীয়ে কয় যে বসন্ত ঋতুত কুলি চৰাইৰ আগমন হোৱাৰ দৰে নিৰ্বাচন আহিলে তেওঁ ভোটাৰৰ কাষ চাপে। লগতে বিভিন্ন ছলনাৰে ভোট আদায় কৰি মুম্বাই নতুবা আৰব দেশত গৈ নিজৰ ব্যৱসায় চলায়। সৰ্ব সাধাৰণ জনতাৰ দুখৰ দিনত তেঁৱক কোনেও বিচাৰি নাপায় বুলি তীৰ্যক মন্তব্য কৰে। বিলাসীপাৰাৰ কেবাটাও উন্নয়ন মূলক আঁচনিৰ শুভ উদ্বোধন কৰাৰ লগতে ৪০ লাখ লোকক উপকৃত কৰিব পৰা UWS আৰু SB ৰ অধীনত বিশুদ্ধ খোৱা পানীৰ যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। মন্ত্ৰী গৰাকীৰ লগতে সভাত উপস্থিত থাকে বিধায়ক ডাঃ নোমোল মোমিন, বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী প্ৰমুখ্যে অসম চৰকাৰৰ কেবাগৰাকী উচ্চ পৰ্য্যায়ৰ বিষয়া ক্ৰমে শুভাশীষ দাস, নীৰেন বৈশ্য, আদি। এই সভাতে মন্ত্ৰী গৰাকীয়ে আৰু কয় যে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনে সৰ্ব সাধাৰণৰ বিকাশৰ হকে কাম কৰি গৈছে তাৰ উদাহৰণ স্বৰূপে বিলাসীপাৰা চহৰত আৰম্ভ হৈছে আদৰ্শ চিকিৎসালয়ৰ কাম। অহা এমাহ পিছত মই পুনৰ বিলাসীপাৰা লৈ আহিম আৰু নৱ নিৰ্মিত আদৰ্শ চিকিৎসালয় খন ৰাইজৰ বাবে শুভ উদ্বোধন কৰিম। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ইউ ডি এফৰ মিত্ৰতা তথা নতুন কৈ ভুমিষ্ঠ হোৱা আঞ্চলিক দল বোৰে কিবা প্ৰভাৱ পেলাব নেকি বুলি কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় - এয়া খিচৰিৰ বাহিৰে একো নহৱ। এই দল বিলাকে কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে।
No comments