Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছয় দফীয়া দাবী উত্থাপন কৰি যোৰহাটত আশা কর্মী সন্থাৰ প্ৰতিবাদ; মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

  ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২০ জানুৱাৰী:  কৰোনা সময়ত নিজৰ লগতে পৰিয়ালৰ সুৰক্ষা কথা চিন্তা নকৰি  যুদ্ধকালীন ভাবে সন্মুখৰ পৰা সেৱা আগবঢ়াই চৰকাৰ ...


 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২০ জানুৱাৰী:  কৰোনা সময়ত নিজৰ লগতে পৰিয়ালৰ সুৰক্ষা কথা চিন্তা নকৰি  যুদ্ধকালীন ভাবে সন্মুখৰ পৰা সেৱা আগবঢ়াই চৰকাৰ আৰু প্ৰশাসনক সহায় কৰি অহা আশা কৰ্মীসকলক এতিয়া অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আশা কৰ্মীসকলক এতিয়া চিনি নাপাই  । এই অভিযোগ যোৰহাটৰ আশা কৰ্মীসকলৰ । ছয় দফীয়া দাবী উত্থাপন কৰি যোৰহাটৰ কৰ্মচাৰী পৰিষদৰ কাৰ্য্যলয়ত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি নগৰৰ মাজেৰে সমদল কৰি জিলা উপায়ুক্ত কাৰ্য্যলয়ত ধৰ্ণা - প্ৰতিবাদেৰে উত্তাল কৰি জিলা উপায়ুক্ত যোগেদি মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে যোৰহাট জিলাৰ আশা কৰ্মীসকলে । উক্ত স্মাৰকপত্ৰত জিলা আশা কৰ্মী সন্থাৰ সভানেত্ৰী ৰীতামণি শইকীয়া ,সম্পাদিকা লিলি গগৈয়ে উল্লেখ কৰে যে N.H.M. ৰ আন আন কৰ্মচাৰীৰ দৰে আশাকৰ্মীসকলক নিযুক্তিপত্ৰ প্ৰদানৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা,আশাকৰ্মীসকলক উপায়ুক্ত মজুৰী দিয়াৰ ব্যৱস্থা কৰা ,পত্ৰ নং NRHM/ASHA/২০০৫/০৬/১০৮ pic/১৪৪১২ত অসম চৰকাৰে ঘোষণা কৰা ২০১৩ বৰ্ষৰ পৰা ২০১৭ বৰ্ষলৈকে দিবলগীয়া বকেয়া ধনৰাশি মোকোলাই দিয়াৰ ব্যৱস্থা কৰা, ২০১২-১৩ বৰ্ষৰ প্ৰতি গৰাকী আশাকৰ্মীৰ এলেকাত অনাময় সমিতিত প্ৰদান কৰা দহ হাজাৰ টকাটো সম্পূৰ্ণ প্ৰদান কৰা ,প্ৰতিগৰাকী আশাকৰ্মীৰ নামত অটল অমৃত আৰু আয়ুষ্মান ভাৰত নামৰ চিকিৎসা জনীত কাৰ্ড প্ৰদান কৰা আৰু ৬০ বছৰৰ উদ্ধৰ আশাকৰ্মী সকলক অৱসৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰা আদি দাবীসমূহ উত্থাপন কৰি যোৱা  ২৯ আৰু ৩০ ডিচেম্বৰত দিছপুৰ লাষ্ট গেটত অন্নশণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো অসম চৰকাৰে উল্লেখিত দাবীসমূহ কোনো ধৰণৰ আশ্বাস প্ৰদান নকৰাত সদৌ অসম আশাকৰ্মী সন্থাই যোৱা ৬  জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈকে কৰ্ম বিৰতি পালন কৰি আজি প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখিত দাবীসমূহ সমাধান নকৰিলে আগন্তক সময়ত আৰু প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিব বুলি আশাকৰ্মী সন্থাই হুংকাৰ দিয়ে ।

No comments