Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে চামতাত আৰম্ভ হ'ল যাত্ৰা নাট সমাৰোহ

  আৰিফুল হক , চামতা , ৭ জানুৱাৰী :  যাত্ৰা নাটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আজিৰ   পৰা চামতাৰ ৰূপকোৱৰ ক'লা পৰিষদত চাৰিদিনীয়াকৈ আৰম্ভ হৈছ...

 


আৰিফুল হক , চামতা , ৭ জানুৱাৰী : যাত্ৰা নাটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আজিৰ পৰা চামতাৰ ৰূপকোৱৰ ক'লা পৰিষদত চাৰিদিনীয়াকৈ আৰম্ভ হৈছে যাত্ৰা নাট সমাৰোহ ৷ অহা ১০ জানুৱাৰীত অন্ত পৰিবলগীয়া সমাৰোহৰ আজি পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনৰ পিছতে দিনৰ ১২ বজাত অনুষ্ঠিত হ'য় সাংস্কৃতিক শোভাযাত্ৰা ৷ বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰ লগতে থলুৱা সংস্কৃতিক প্ৰতিফলিত কৰি উলিওৱা শোভাযাত্ৰাত ভাগ ল'য় জনপ্ৰিয় ধাৰাবাহিক বৰলাকাইৰ ভোলা আৰু কেৰপা খ্যাত পৰাগ শৰ্মা আৰু কবীন্দ্ৰ দাসে ৷ কাইলৈ পুৱা চিত্ৰাংকন প্ৰতিযোগীতা উদ্বোধন কৰিব বিশিষ্ট চিত্রশিল্পী অবিনাশ মজুমদাৰে।সন্ধিয়া ৬-৩০ বজাত  শৰৎ মজুমদাৰ আৰু কনক শৰ্মা সোঁৱৰণী নাট্য সন্ধিয়াখন উদ্বোধন কৰিব নলবাৰীৰ বিধায়ক অশোক শৰ্মা , সমাজকৰ্মী  ড.তপন দাস,অভিজিত কলিতা,অভিনেতা মহ:নুৰহুচেইনে,বন্তি প্ৰজ্বলন কৰিব মহাভৈৰৱ নাট্য সংঘৰ প্ৰযোজক ভোগী বৰ্মনে,মাল্যৰ্পণ কৰিব ৰামচৰণ  বৰ্মনে।সন্ধিয়া ৭বজাত যাত্রাভিনয়তত- মুগকুছি মিলন নাট্য গোষ্ঠীৰ নাটক মৰম দিয়া মোক।তৃতীয় দিনা আবেলি ৩বজাত প্ৰশ্নোত্তৰ শিতান অনুষ্ঠান মুকলি কৰিব কামৰূপ মহাবিদ্যালয়ৰ প্ৰৱক্তা সঞ্জীৱ গোস্বামীয়ে,পৰিচালনা কৰিব ডা:সমুজ্বল ভৰদ্বাজে।সন্ধিয়া ৬ বজাত মঞ্চসূৰ্য্য ধৰণী বৰ্মন আৰু ওস্তাদ উদয় ভাগৱতী সোঁৱৰণী নাট্য সন্ধিয়া উদ্বোধন কৰিব  বোলছবি অভিনেতা দীলিপ দাসে।বিশিষ্ট অতিথি ৰূপে ভাগ লব নাট্যকাৰ অৱতাৰ সিং,নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা।বন্তি প্ৰজ্বলন কৰিব নাট্য কৰ্মী ৰোহিনী বৰ্মনে ,মাল্যৰ্পণ কৰিব নাট্যকাৰ বিনোদ ভাগৱতীয়ে।সন্ধিয়া ৭বজাত ৰজগুৰু মিনি থিয়েটাৰৰ যাত্রাভিনয়-নাট ৰামধেনুৰ ৰং। চতুৰ্থ তথা অন্তিম দিনা -দিনে ১১ বজাত নাট্যালোচনা বিষয়-তাহানিৰ যাত্রাপাৰ্টিৰ পৰিবৰ্ত্তিত ৰূপত আজিৰ যাত্রাদলৰ ভূমিকা তথা ইয়াৰ প্ৰাসংগিকতা।ভাগ লব-লেখক থানেশ্বৰ মালাকৰ,অধ্যাপিকা  ড.লীনা ডেকা,সাংবাদিক প্ৰশান্ত মেনাই।আবেলি ২বজাত ন-পুৰণি শিল্পী সমন্বয়ৰ অন্তৰঙ্গ অনুষ্ঠানখন উদ্বোধন কৰিব মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে।আঁত ধৰিব - ধ্ৰুবজ্যোতি শৰ্মাই,বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহন কৰিব  বিধায়িকা-আঙুৰলতা ডেকা,ভূৱনচন্দ্ৰ দাস(চিনাদি),ৰঘুমালাকৰ(ডুবি),ৰজনী পাটগিৰি(পাঠশালা),প্ৰফুল্ল হালৈ(আমৃখোৱা),ভুৱনেশ্বৰ তালুকদাৰ(ককয়া),বিনোদ বৰ্মন(বেলশৰ),প্ৰসন্ন শৰ্মা(বলোৱা)সুবোধ মজুমদাৰ ,প্ৰযোজক থিয়েটাৰ ভাগ্যদেৱী,নৱ দাস,প্ৰযোজক নয়নতৰা থিয়েটাৰ,গীতিকা বুজৰবৰুৱা(নাট্যকাৰ),বিজয় শংকৰ বৰ্মন (কবি),নৱজিৎ ভাগৱতী(সাংবাদিক),ৰঞ্জিত মিশ্র(শিল্পী পেন্সনাৰ),গুনেশ্বৰ ভূঞা(অভিনেতা)। সন্ধিয়া ৬ বজাত স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ উন্মোচক-মুখ্যমন্ত্রীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী,বিশিষ্ট অতিথি ৰূপে ভাগ লব-কথাছবি প্ৰযোজক মঞ্জু বৰা,ডা.উমেশ চক্ৰৱৰ্ত্তী,অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা।সন্ধিয়া ৬-৩০ বজাত গুৰুজী যোগেশ শৰ্মা আৰু অভিনেতা নবীন দাস সোঁৱৰণী নাট্য সন্ধিয়া উদ্বোধন কৰিব অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই।অতিথি বৰ্গ-বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক গনেশ ৰায় মেধি,বিশিষ্ট সমাজ কৰ্মী অম্বিকাচৰণ বৰ্মন ,নাট্যকাৰ জিতেন শৰ্মা ,হৰিমন্দিৰৰ সম্পাদক নগেন ডেকা,সমাজ সেৱক নিৰঞ্জন বৰ্মন ,বন্তি প্ৰজ্বলন কৰিব অতুল ঠাকুৰীয়াই।মাল্যৰ্পণ  নাট্যশিল্পী চক্ৰ হালৈ।সন্ধিয়া ৭ বজাত যাত্রাভিনয়ত মুকালমুৱাৰ গামোচা মিনি থিয়েটাৰৰ নাট- কলংকিনী নায়িকা।

No comments