গণবাৰ্তা বিশেষ দেৰগাঁও, ২৪ জানুৱাৰীঃ গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত কাকডোঙা অঞ্চলৰ ডুবিয়াল গাঁৱৰ তুলেশ্বৰ পাঠকৰ সন্তান বিকাশ পাঠ...
গণবাৰ্তা বিশেষ দেৰগাঁও, ২৪ জানুৱাৰীঃ গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত কাকডোঙা অঞ্চলৰ ডুবিয়াল গাঁৱৰ তুলেশ্বৰ পাঠকৰ সন্তান বিকাশ পাঠকে ইণ্ডিয়া বুক অফ ৰেৰ্কডচত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। প্ৰতিভা সম্পন্ন যুৱক তথা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত স্নাতক শাখাত অধ্যয়ন কৰি থকা কাকডোঙাৰ ডুবিয়াল গাঁৱৰ তুলেশ্বৰ পাঠকৰ কনিষ্ঠ সন্তান বিকাশে পাঠক বিদ্যালয়ৰ ছাত্ৰ অৱস্থাত প্ৰতিভা সম্পন্ন আছিলে । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভাৰতৰত্ন ড’ ভূপেন হাজৰিকা,প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাস আদি জাতীয় চেতনালব্ধ লিখক, শিল্পী, সাহিত্যিকৰ বচা বচা কবিতা,গীত, প্ৰবন্ধৰ সংগৃহীত পংক্তিৰ আৰু মাত্ৰ দুই ইঞ্চি পৰিধিৰ ভিতৰতে পৃথিৱীৰ মানচিত্ৰ অংকন কৰি “ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ”ত নিজৰ নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হৈছে। বিকাশ পাঠকৰ প্ৰতিভাৰ স্বীকৃতি বিষয়ে জানিব পাৰি তেওঁৰ শিক্ষাগুৰু লগতে অঞ্চলৰ ৰাইজৰ মাজত উল্লাসিত পৰিবেশ সৃষ্টি হয়। প্ৰতিভা সম্পন্ন বিকাশ পাঠকক উৎসাহিত কৰিবলৈ বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থাৰ তৰফৰ পৰা আজি কিছু মাহৰ আগতে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।
No comments