Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰধান মুখ্য বন সংৰক্ষকক লগত লৈ দীপৰ বিলত উপস্থিত বন মন্ত্ৰী পৰিমল শুক্লাবৈদ্য

গণবাৰ্তা, আজাৰা, ১ জানুৱাৰী :  গুৱাহাটীৰ গাতে লগা দীপৰ বিলক  সৌন্দৰ্য বৰ্ধন কৰি বিলখনক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নতিকৰণৰ বাবে স্থান...


গণবাৰ্তা, আজাৰা, ১ জানুৱাৰী : গুৱাহাটীৰ গাতে লগা দীপৰ বিলক  সৌন্দৰ্য বৰ্ধন কৰি বিলখনক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নতিকৰণৰ বাবে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০১৮ চনতে অসম চৰকাৰৰ  ছিগনেচাৰ আঁচনিৰ জৰিয়তে ১০ কৌটি টকা অসম পৰ্যটন উন্নয়ন নিগমক ( এ টি ডি চি ) আগবঢ়োৱাৰ পাছতো অদ্যাপি বন বিভাগৰ বাধাৰ বাবে আঁচনিখন ৰূপায়িত কৰিব পৰা হোৱা নাই । এই সন্দৰ্ভত ৩০ ডিচেম্বৰত অসম বিধানসভাৰ অধিবেশনত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰশ্ন উত্থাপন কৰোতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰ্তমান দীপৰ বিলত এনে আঁচনি ৰূপায়ণ কৰিব পৰা নহব বুলি উত্তৰ দিয়াত বিধায়ক কলিতাই আক্ষেপ প্ৰকাশ কৰে । আনহাতে ৩১ ডিচেম্বৰৰ বিয়লি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী এ এম সিং , পূব কামৰূপৰ ডি এফ অ  ভাস্কৰ ডেকা , ৰাণীৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মনকে ধৰি  এটা উচ্চপদস্থ বিষয়াৰ দল লৈ দীপৰ বিল বন্যপ্ৰাণী  অভয়াৰণ্যৰ আঞ্চলিক বন  বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ।  দলটোক আদৰণি জনায় দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন  বিষয়া যতীন্দ্ৰ নাথ বৰাই  । বনমন্ত্ৰী আহিব বুলি খবৰ লাভ কৰি পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , পৰ্যটন বিভাগৰ সঞ্চালক দেৱকুমাৰ মিশ্ৰ , চকৰদৌ ৰাইজ গয়ৰহৰ লখিন্দৰ টেৰণ , কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি বলেন কলিতা আৰু সম্পাদক প্ৰমোদ কলিতা , পৰিবেশ উন্নয়ন কমিটিৰ সভাপতি বকুল ৰংপীকে ধৰি অঞ্চলটোৰ কেবাগৰাকী নেতৃস্থানীয় লোক উপস্থিত থাকে । আনহাতে দীপৰ বিলৰ উন্নয়ন সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰ্তমান পৰিস্থিতিত নৌকাচালনাকে ধৰি বিলৰ জলভাগত কোনো ধৰণৰ কাম কৰিবলৈ দিয়া নহব বুলি জনাই দিয়াত বৈঠকত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টিৰ হয় । অৱশ্যে মন্ত্ৰী গৰাকীয়ে বিলৰ লগতে থকা চৰকাৰী মাটিত আঁচনি ৰূপায়ণ বা সৌন্দৰ্য্যবৰ্ধন কৰিলে  তাত বন বিভাগে বাধা আৰোপ নকৰে বুলি সদৰি কৰে । ইফালে বৈঠকত বিধায়ক কলিতাই বনমন্ত্ৰীক বিলখনক লৈ বন বিভাগ যদি ইমান সৰৱ তেন্তে বিলৰ ওচৰত ডাম্পিং গ্ৰাউণ্ড আৰু বিলৰ মাজেৰে ৰেললাইন কেনেকৈ যাব পাৰিলে বুলি প্ৰশ্ন কৰে । ফলত বনমন্ত্রী মৌন হবলৈ বাধ্য হয় । ইফালে বিধায়কৰ অনুৰোধ মৰ্মে অহা ৪ জানুৱাৰীত বন বিভাগ , পৰ্যটন বিভাগ আৰু ৰাইজৰ মাজত  পুনৰ এক যুটীয়া বৈঠক অনুষ্ঠিত কৰি ছিগনেচাৰ আঁচনি ৰূপায়ণ কৰা সন্দৰ্ভত এক যৌথ জৰীপ চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

No comments