সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি,২১ জানুৱাৰী : প্ৰতিকূল বতৰকো নেওচি বহুকেইটা গুৰুত্বপূৰ্ণ দাবী লৈ যোৱাকালি সমগ্ৰ অসমৰ লগতে মাজু...
সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি,২১ জানুৱাৰী : প্ৰতিকূল বতৰকো নেওচি বহুকেইটা গুৰুত্বপূৰ্ণ দাবী লৈ যোৱাকালি সমগ্ৰ অসমৰ লগতে মাজুলীতো আশাকৰ্মী সকলে সাব্যস্ত্য কৰে প্ৰতিবাদ। প্ৰায় ৩০০ আশাকৰ্মীয়ে উত্তাল কৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত । প্ৰতিবাদ কৰি সকলে মাজুলী উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰা মতে এন এইচ এম ৰ আন আন কৰ্মচাৰীৰ দৰে আশা কৰ্মী সকলক নিযুক্তি প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্ৰ চৰকাৰক প্ৰেৰণ , আশা কৰ্মী সকলক উপযুক্ত মজুৰি দিয়া ,২০১৩ বৰ্ষৰ পৰা ২০১৭ বৰ্ষ লৈ বকেয়া আদায় দিয়া, আশা কৰ্মী সকলক অটল অমৃত আৰু আয়ুষ্মান ভাৰত চিকিৎসা জনিত কাৰ্ড প্ৰদান কৰা ,সামাজিক নিৰাপত্তা প্ৰদান কৰা ,আশা কৰ্মীৰ বাবে জিৰণি চ'ৰা নিৰ্মাণ কৰা, আশা কৰ্মীসকলক ব্যক্তিগত বাহন প্ৰদান কৰা আদি দাবী সম্বলিত দাবী সভানেত্ৰী পম্পি দাসৰ আৰু সম্পাদিকা শ্বপ্না ভৌমি ক দাসে সাক্ষৰ কৰা স্মাৰক পত্ৰত উল্লেখ কৰিছে । আশাকৰ্মীৰ উত্থাপিত দাবী সমূহ চৰকাৰে মানি নল'লে ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে ।
No comments