ধুবুৰী, ১৭ জানুৱাৰী ঃ আজি পুৱতি নিশা ধুবুৰী চহৰৰ পাৰ্শৱৰ্তী আয়ৰণজংলা অঞ্চলৰ পৰা আৰক্ষীয়ে অভিযান চলাই ৫গৰাকীকৈ জুৱাৰী কৰায়ত্ব কৰাৰ এক ঘটনা ...
ধুবুৰী, ১৭ জানুৱাৰী ঃ আজি পুৱতি নিশা ধুবুৰী চহৰৰ পাৰ্শৱৰ্তী আয়ৰণজংলা অঞ্চলৰ পৰা আৰক্ষীয়ে অভিযান চলাই ৫গৰাকীকৈ জুৱাৰী কৰায়ত্ব কৰাৰ এক ঘটনা পোহৰলৈ আহিছে । ঘটনা সন্দৰ্ভে জানিব পৰানুসৰি বনভোজ খোৱাৰ অচিলাৰে একাংশই জুৱা খেল আৰম্ভ কৰাৰ এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশ মৰ্মে আজি পুৱতি নিশা প্ৰায় ২টা মান বজাত অঞ্চলটোত ধুবুৰী সদৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক প্ৰশান্ত দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অকষ্মাতে অভিযান চলায় । আৰক্ষীৰ সেই অভিযানত জনৈক সবদেৰ আলী (৩২), শ্বাহ আলম (৩৫), আবু মতলেব (২৮), জাহিদুল ইছলাম (৩৬), মহম্মদ ৰফিক (৪১) নামৰ জুৱাৰী কেইগৰাকী জালত পৰা বুলি প্ৰকাশ । আৰক্ষীয়ে তেওঁলোকৰ পৰা নগদ ৬ হাজাৰ টকাকে ধৰি জুৱা খেলৰ বিভিন্ন সামগ্ৰী উক্ত স্থানৰ পৰা জব্দ কৰিবলৈ সক্ষম হোৱা বুলিও জানিব পৰা গৈছে । ইতিমধ্যে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভে অনুসন্ধান আৰম্ভ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।
No comments