Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰডুমচা আৰক্ষীৰ বৃহৎ সাফল্য, তিনি অস্ত্ৰধাৰী যুৱক আটক,পিষ্টলসহ জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ

  গণ বাৰ্তা,৪ জানুৱাৰী :  তিনিচুকীয়া জিলাৰ অৰুণাচলৰ সীমামূৰীয়াস্থিত বৰডুমচা আৰক্ষী থানাৰ আৰক্ষীয়ে আজি পুৱতি নিশা  এক অভিযান চলাই বৰডুমচাৰ সম...

 


গণ বাৰ্তা,৪ জানুৱাৰী :  তিনিচুকীয়া জিলাৰ অৰুণাচলৰ সীমামূৰীয়াস্থিত বৰডুমচা আৰক্ষী থানাৰ আৰক্ষীয়ে আজি পুৱতি নিশা  এক অভিযান চলাই বৰডুমচাৰ সমীপৱৰ্তী মহং অঞ্চলৰ পৰা তিনি জনীয়া এক অস্ত্ৰ্ধাৰী দলক আটক কৰিবলৈ সক্ষম হৈছে ।আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খেদি অস্ত্ৰধাৰী দলটোৰ বিৰোদ্ধে চলোৱা অভিযানত  আটক হৈছে  বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত লিটং গাঁৱৰ প্ৰয়াত প্ৰদীপ ফুকনৰ পুত্ৰ গ্ৰিচূপ ফুকন(৩২), ৩ নং বৰহোলং গাঁৱৰ প্ৰফুল্ল শইকীয়াৰ পুত্ৰ ধন্য শইকীয়া ওৰফে কণ্টি (৩৭), বৰডুমচাৰ মাধৱপুৰ গাঁৱৰ প্ৰয়াত চতুৰানন্দা ডুৱেৰ পুত্ৰ বিজয় ডুৱে(৪০) । আটক কৰা তিনিওজন অস্ত্ৰধাৰি যুৱকৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল, এটা ৭.৬৫ এম এম পিষ্টলৰ মেগজিন, ৭.৬৫ এম এম পিষ্টলৰ ১৪ জাই সজীৱ গুলি লগতে নগদ ২৩,০৩৫  টকা সহ দুটা এনড্ৰইড মবাইল ফোন জব্দ কৰিছে ৷

উল্লেখ্য যে বিগত বছৰটোৰ শেষৰ মাহকেইটাত বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত  অৰুণাচল সীমান্তৱৰ্তীবঅঞ্চল সমুহৰ  গাঁ‌ৱৰ আত্ম সহায়াক গোট সমুহক ঋণ প্ৰদান কৰি অহা কৰা  
মাইক্ৰ ফাইনেঞ্চ  বৃত্তীয় প্ৰতিষ্ঠানৰ বহুকেইগৰাকী এজেণ্টৰ পৰা পথত বলপূৰ্বক ধন ডকাইতিৰ লগতে অঞ্চলটোত নানাধৰণৰ কু কাৰ্য চলি যোৱাৰ পাছত উক্ত অস্ত্ৰধাৰী যুৱককেইজনক আটক কৰা কাৰ্য লক্ষণীয় হৈ পৰিছে  ।  আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা  অস্ত্ৰধাৰী দলটোৰ যুৱককেইজন  প্ৰকৃততে কোনো উগ্ৰপন্থী সংগঠনৰ   সদস্য নে ডকাইত এতিয়াও জানিবলৈ পোৱা নাই ৷আৰক্ষীৰ তদন্ত পাছতেই উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নে ডকাইতি কাণ্ডৰ লগত জড়িত পোহৰলৈ আহিব।

No comments