গণবাৰ্তা, আজাৰা, ১০ জানুৱাৰী : বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ অসম- মেঘালয় সীমান্তত থকা যোৰাবাট বন শিবিৰৰ বনকৰ্মীৰ দল...
গণবাৰ্তা, আজাৰা, ১০ জানুৱাৰী : বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ অসম- মেঘালয় সীমান্তত থকা যোৰাবাট বন শিবিৰৰ বনকৰ্মীৰ দলে আজি পুৱা ৮,১৫ বজাত বজাত বিশেষ সূত্ৰৰ পম খেদি মেঘালয়ৰ পৰা গুৱাহাটীলৈ কৌশলেৰে অনা অৱস্থাত এ এছ০১ বি চি ৭৫২২ নম্বৰৰ টাটা ডি আই বাহন খন সহ নথি পত্ৰ অবিহনে চোৰাংকৈ অনা প্ৰায় ৫০ ঘনফুট পৰিমাণৰ মাকেৰী শাল কাঠ জব্দ কৰে । বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি অইন দিনাৰ দৰে যোৰাবাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া পুলিন মহন্তৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে আজি পুৱাৰে পৰা গুৱাহাটী অভিমুখী পথত কোনো বাহনে যাতে অবৈধ বনজ সম্পদ সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে তালাচী চলাই আছিল । তাৰ মাজতে বিশেষ সূত্ৰৰ আধাৰত পুৱা ৮,১৫ বজাত আহি থকা অৱস্থাত উল্লিখিত টাটা ডি আই খনক ৰাখিবলৈ সংকেত দিয়ে । কিন্তু বনকর্মীৰ দলটো দেখি চালকজনে বাহনখন ৰখাই পলাই যায় । ব্নকৰ্মীৰ দলটোৱে তালাচী চলোৱাত কৌশলৰে অনা মাকেৰী শাল কাঠখিনী জব্দ কৰে । জব্দ কৰা কাঠখিনীৰ বজাৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হব । সম্প্ৰতি বাহনসহ কাঠখিনী বন বিভাগৰ বশিষ্ঠস্থিত ডিপোট ৰখা হৈছে । উল্লেখযোগ্য যে বিগত অক্টোবৰ মাহত যোৰাবাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্বভাৰ লোৱাৰ পাছত পুলিন মহন্তৰ নেতৃত্বত বিগত প্ৰায় তিনিটা মাহত আজিৰে সৈতে মেঘালয়ৰ পৰা গুৱাহাটীলৈ অনা অৱস্থাত চোৰাং কাঠসহ মুঠ ১৬ খন বিভিন্ন ধৰণৰ বাহন জব্দ কৰা হৈছে । ইয়াত উপৰি অসম ডনবস্ক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চৌহদত পৰিবেশ বিনষ্ট কৰি অবৈধভাৱে মাটি কটা ঘটনাকে ধৰি তিনিটা মাটি কটা ঘটনাৰ বিৰুদ্ধে বিভাগীয় গোচৰ ৰজু কৰা হৈছে ।
No comments