Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আটাছুৰ উদ্যোগত নিমাইজানত মে-ডাম-মে-ফি উৎযাপন

গণ বাৰ্তা, বেতবাৰী, ৩১ জানুৱাৰীঃ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত নিমাইজান , দৰিকাপাৰ-হাতীমূৰীয়া , চেৰেকাপাৰ আৰু বেতবাৰ...


গণ বাৰ্তা, বেতবাৰী, ৩১ জানুৱাৰীঃ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত নিমাইজান , দৰিকাপাৰ-হাতীমূৰীয়া , চেৰেকাপাৰ আৰু বেতবাৰীবাসী ৰাইজৰ সহযোগত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে নিমাইজানৰ নিমাই পুখুৰীৰ পাৰত মে-ডাম-মে-ফি উদযাপন কৰে ।  মে-ডাম-মে-ফিৰ মুকলি সভাত উপস্থিত থাকি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্থানীয় আতন বুঢ়াগোহাঁই পথ , বৰপাত্ৰ আলি, নিমাইজান আলি, দা-ধৰা আলি আৰু দিহিঙীয়া আলি নিৰ্মাণ কৰিবলৈ অসম চৰকাৰৰ পৰা ১৭ কোটি ৫০ লাখ টকা আৰু স্থানীয় ঈগল ক্লাবৰ বাবে ১০ লাখ টকাৰ অনুদান দিয়া বুলি ঘোষণা কৰে। সহস্ৰাধিক যুৱক-যুৱতী, পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা নিমাইজানৰ মে-ডাম-মে-ফিত বেহাৰবাৰী আউটপষ্টৰ দুই অভিনেত্ৰী চুমকি কছাৰী ওৰফে বিউটি বাইলুং আৰু পাৰবিন চুলতানা ওৰফে সুষ্মিতা, সংগীত শিল্পী মানস ৰবীনৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ মাত্ৰা বৃদ্ধি কৰে।

No comments