Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাম মন্দিৰৰ কাষত মছজিদ নিৰ্মাণ কৰি চৰকাৰে ধৰ্মনিৰপেক্ষতাৰ পৰিচয় দাঙি ধৰক; উত্তৰ অভয়াপুৰীৰ বালাৰচৰত মুক্তি যুঁজাৰু স্মতিচাৰণ সভাত শিখা শৰ্মা

  কোকিলা, ০৯ জানুৱাৰীঃ ৰাম মন্দিৰৰ কাষত মছজিদ নিৰ্মাণ কৰি চৰকাৰে ধৰ্মনিৰপেক্ষতাৰ পৰিচয় দিয়ক ৷ এই বিস্ফোৰক মন্তব্য জাতীয়তাবাদী নেত্ৰী শিখা শৰ...


 কোকিলা, ০৯ জানুৱাৰীঃ ৰাম মন্দিৰৰ কাষত মছজিদ নিৰ্মাণ কৰি চৰকাৰে ধৰ্মনিৰপেক্ষতাৰ পৰিচয় দিয়ক ৷ এই বিস্ফোৰক মন্তব্য জাতীয়তাবাদী নেত্ৰী শিখা শৰ্মাৰ ৷ আজি বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বালাৰচৰত অনুষ্ঠিত এখন সভাত নেত্ৰী গৰাকীয়ে আৰু কয় যে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  চৰকাৰী মাদ্ৰাছা আৰু বেচৰকাৰী মাদ্ৰাছাৰ নামত অসমৰ ৰাইজক বিভ্ৰান্ত কৰি মাদ্ৰাছা সমূহ বন্ধ কৰাৰ কু-কৰ্ম কৰিবলৈ চেষ্টা কৰাটো অতি দুৰ্ভাগ্যজনক ৷

ভাষনত তেওঁ লগতে কয় যে বেটিক পঢ়িবলৈ চৰকাৰে ১০০০ টকা দিছে কিন্তু ইফালে ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰি মা-দেউতাৰ ডিঙিত ৮৬০ টকাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ ওলোমাই দিছে ৷ তেওঁ ৰাইজৰ কাম কৰাৰ দায়িত্ব সাংসদ আৰু বিধায়কৰ বুলি উল্লেখ কৰি কয় যে দায়িত্ব পালন নকৰা সকলক আগন্তুক দিনত  চিন্তা কৰি ভোট দিবলৈকো ৰাইজক আহ্বান জনাই সদ্য বিজেপি অজন্তা নেওগক জাৱৰ আখ্যা দিয়ে ৷

গণতান্ত্ৰিক যুৱ পৰিষদ চমুকৈ জিপাৰ উদ্যোগত আয়োজিত মুক্তিযুঁজাৰু স্মৃতিচাৰণ সভাত কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সাম্প্ৰতিক সময়ত চৰকাৰে অতি সাম্প্ৰদায়িকতা নীতি গ্ৰহণ কৰা বুলি অভিযোগ তুলি ভাষণ প্ৰদান কৰে ৷ তেওঁ অঞ্চলটোৰ পেঞ্চনপ্ৰাপ্ত মুক্তিযুঁজাৰু মৰহুম মহম্মদ আলী সৰকাৰৰ জীৱন পৰিক্ৰমাক স্মৰণ কৰি কয় যে দেশত গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতা প্ৰতিষ্ঠাৰ কৰা মূল মানুহবোৰেই হৈছে মুক্তিযুঁজাৰু সকল ৷ মুক্তিযুঁজাৰু সকলোৰ বাবেহে আমি আজি স্বাধীনতাৰ আনন্দ ভোগ কৰিব পাৰিছো ৷ ভিতৰুৱা দুৰ্গম অঞ্চলৰ মুক্তিযুঁজাৰু সকলোৰ বিষয়ে যাতে নতুন প্ৰজন্মই জানিব পাৰে তাৰ বাবেও আমি সেইসকল মহান ব্যক্তিক এনে ধৰনে স্মৰণ কৰা উচিত ৷ জিএনে ধৰনে স্মৰণ কৰা উচিত ৷ জিপাৰ সভাপতি ড° আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত স্থানীয় বিধায়ক আব্দুল হাই নাগৰি,বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক উত্তৰ অভয়াপুৰী সমষ্টিৰ যুব কংগ্ৰেছৰ সভাপতি ৰমেজৰে লগতে কংগ্ৰেছৰ কেবাগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা উপস্থিত থাকে ৷ স্মৃতিচাৰণ সভাৰ পূৰ্বে মৰহুম মহম্মদ আলী সৰকাৰ স্মৃতি ভৱনৰ আধাৰশিলা স্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

No comments