Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম জাতীয় উন্নয়ন পৰিষদৰ উদ্যোগত দৰঙৰ ভেৰুৱাত 'কৃষক শ্বহীদ দিৱসঃ 'সংগ্ৰামী সতীৰ্থ' উন্মোচন

গণ বাৰ্তা, দুমুনিচকী ,৩০ জানুৱাৰী : দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটৰ সাতকুৰি কৃষকৰ  শ্বহীদৰ  আত্মাৰ শান্তিৰ কাৰণে শুক্ৰবাৰে অসম জাতীয় উন্নয়ন পৰিষ...


গণ বাৰ্তা, দুমুনিচকী ,৩০ জানুৱাৰী : দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটৰ সাতকুৰি কৃষকৰ  শ্বহীদৰ  আত্মাৰ শান্তিৰ কাৰণে শুক্ৰবাৰে অসম জাতীয় উন্নয়ন পৰিষদৰ  কেন্দ্ৰীয় সমিতিৰ উদ্যোগত পশ্চিম দৰঙৰ ভেৰুৱাত  বিস্তৃত কাৰ্যসূচীৰে কৃষক শ্বহীদ দিৱস উদযাপন  কৰা হয়। অসম জাতীয় উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত পুৱা পতাকা উত্তোলনেৰে  আৰম্ভ কৰা কৃষক শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কৃষক শ্বহীদ দিৱসৰ বিশেষ পত্ৰিকা  সংখ্যা 'সংগ্ৰামী  সতীৰ্থ'  উন্মোচন কৰে  জনপ্ৰিয় অভিনেত্ৰী  সাগৰিকা  গোস্বামীয়ে  । অসম জাতীয় উন্নয়ন পৰিষদৰ  সভাপতি  অখিল  চন্দ্ৰ  গোস্বামীৰ সভাপতিত্বত অনুস্থিত হোৱা মুকলি  সভাখন উদ্বোধন কৰে পৰিষদৰ উপদেষ্টা কৈলাশ শৰ্মাই   । পৰিষদৰ মুখ্য সম্পাদক অমিয় কুমাৰ ডেকাই আঁতধৰা মুকলি সভাখনত কেইবাগৰাকীও  শিল্পী  সাহিত্যিক,  সাংবাদিকক অসম  জাতীয় উন্নয়ন পৰিষদৰ তৰফৰ পৰা সম্বধনা জ্ঞাপন কৰা হয়  । সভাত  বিশিষ্ট সমাজকৰ্মী  চফিউৰ ৰহমান শইকীয়া, বিমল বৰা, অধ্যাপক দ্বীজেন বৰ্মন, অধিবক্তা চিত্ৰৰঞ্জন বৰুৱা ,কবিৰত্ন বিমল বৰা, প্ৰাক্তন অধ্যক্ষ কৰুনা ভট্ট , কৈলাশ শৰ্মা ,ড° সৰ্বানন্দ শৰ্মা  প্ৰমুখ্যে  কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে  বক্তৃতা প্ৰদান কৰে  । এই অনুষ্ঠানতে পশ্চিম দৰং প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত কাকতি ,'দৈনিক গণ অধিকাৰ' কাকতৰ দুমুনিচকীৰ সংবাদদাতা আতিকুৰ ৰহমান, 'দৈনিক অগ্ৰদূত' কাকতৰ দুমুনিচকীৰ সংবাদদাতা মিনহাজুদ্দিন আহমেদ, 'আমাৰ অসম' কাকতৰ পশ্চিম দৰঙৰ সংবাদদাতা লক্ষ্যধৰ শইকীয়াক অসম জাতীয় উন্নয়ন পৰিষদৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয় । সন্ধিয়া  জনপ্ৰিয় কণ্ঠ  শিল্পী  তৰালী শৰ্মাৰ অংশ গ্ৰহনেৰে আৰম্ভ  হয় সাংস্কৃতিক কাৰ্যসূচীৰ ।

No comments