সঞ্জয় সৰকাৰ , কাজলগাঁও , ২৭ জানুৱাৰী : দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ পৰিসমাপ্তি ঘটাই সহস্ৰ সংগ্ৰাম পৰিত্যাগ কৰি এন ডি এফ বিৰ চাৰিওটা গোট একত্ৰি...
সঞ্জয় সৰকাৰ , কাজলগাঁও , ২৭ জানুৱাৰী : দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ পৰিসমাপ্তি ঘটাই সহস্ৰ সংগ্ৰাম পৰিত্যাগ কৰি এন ডি এফ বিৰ চাৰিওটা গোট একত্ৰিত হৈ বিগত ২০২০ বৰ্ষৰ ২৭ জানুৱাৰীৰ দিনাখন দেশৰ ৰাজধানী নতুন দিল্লীত বহু চৰ্চিত বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । কিন্তু বিটিআৰ শান্তি চুক্তিৰ এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো এনডিএফবিৰ দীঘলীয়া সশস্ত্ৰ সংগ্ৰাম চলাকালীন সময়ত বিভিন্ন গোচৰত অভিযুক্ত হৈ জেলত বন্দী হৈ থকা এনডিএফবিৰ নেতা - কেডাৰে জেলৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই । ফলত সম্প্ৰতি বিষয়টো সন্দৰ্ভত সৰৱ হৈ পৰিছে সহস্ৰ সংগঠনটোৰ সদস্য - সদস্যাৰ লগতে পৰিয়ালৰ লোকসকল । চিৰাং জিলা সদৰ কাজলগাঁওস্থিত ৩১ নং (চি) ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জিলা যোগ কেন্দ্ৰৰ সন্মুখত আজি দুপৰীয়া এন ডি এফ বিৰ সদস্য সকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গই সমুহীয়াভাৱে অৱস্থান কৰি বিভিন্ন গোচৰত জেলত বন্দী হৈ থকা কেডাৰক বিটিআৰ চুক্তি মৰ্মে অতিশীঘ্ৰে মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰে । উল্লেখ্য যে , যোৱা ২৪ জানুৱাৰীত কোকৰাঝাৰত বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ দিনা জেলত বন্দী হৈ থকা বিষয়টো উত্থাপন কৰিব বুলি আশা কৰি আছিল কিন্তু গৃহমন্ত্ৰী গৰাকীৰ পৰা সাধাৰণ ক্ষমাদান সন্দৰ্ভত কোনো ধৰণৰ আশ্বাস বা প্ৰতিশ্ৰুতি নেপোৱাত জেলত বন্দী হৈ থকা এনডিএফবি নেতা কৰ্মী সকলৰ পৰিয়াল বৰ্গ হতাশ হৈ পৰা বুলি আজি ধৰ্ণা কাৰ্যসূচীত যোগদান কৰি সংবাদ মাধ্যমৰ আগত দুঃখ প্ৰকাশ কৰে । আজিৰ এই ধৰ্না কাৰ্যসূচীৰ জৰিয়তে জেলত বন্দী হৈ থকা এনডিএফবি নেতা কৰ্মীৰ অভিভাৱক তথা পৰিয়ালৰ সদস্য - সদস্যা সকলে জেলত বন্দী এনডিএফবি নেতা কৰ্মী সকলক অতি সোনকালে সাধাৰণ ক্ষমাদান প্ৰদান কৰাৰ দাবীত কাজলগাঁৱত এনেদৰে দুপৰীয়া বাৰ বজাৰ পৰা দুই ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত জেলত বন্দী হৈ থকা এনডিএফবি নেতা কৰ্মী সকলৰ অভিভাৱক তথা পৰিয়ালৰ সদস্য সকলৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰত প্ৰদান কৰে ।
No comments