গণ বাৰ্তা টীয়ক ,কাকজান ২১ জানুৱাৰীঃপ্ৰধানমন্ত্ৰী আৱাস যোজনা(চহৰাঞ্চল),অসমৰ অধীনত আবন্টিত আৰু নিৰ্মাণ সম্পূৰ্ণ হোৱা আৱাস গৃহসমূহ লৈ আয়োজন ক...
গণ বাৰ্তা টীয়ক ,কাকজান ২১ জানুৱাৰীঃপ্ৰধানমন্ত্ৰী আৱাস যোজনা(চহৰাঞ্চল),অসমৰ অধীনত আবন্টিত আৰু নিৰ্মাণ সম্পূৰ্ণ হোৱা আৱাস গৃহসমূহ লৈ আয়োজন কৰা মাহযোৰা গৃহ প্ৰবেশ সমাৰোহ-২০২১ৰ অংশ হিচাপে টীয়ক পৌৰসভাৰ অধীনৰ কেইবাগৰাকীও হিতাধিকাৰীৰ গৃহত গৃহ প্ৰবেশ অনুষ্ঠান আয়োজন কৰা হয়। যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে গৃহ সমূহৰ দুৱাৰ । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি টীয়ক পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাতসভাপতিত্ব কৰে টীয়কৰ ৰাজহ চক্ৰ বিষয়া লীনা পাৱে । এই সভাতে কেইবাটাও আত্ম সহায়ক গোটক ঘূৰ্ণীয়মান পূঁজি,অন্যান্য পূঁজি আৰু দুটা আঞ্চলিক পৰ্যায়ৰ সংগঠনক পঞ্চাশ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হয় । তদুপৰি প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ অধীনত ৩৩ জন পদপথৰ ব্যৱসায়ীক দহ হাজাৰ টকাকৈ সাহাৰ্য প্ৰদান কৰে । সভাৰ পূৰ্বে টীয়ক পৌৰসভাৰ আন্ত:গাঁঠনি উন্নয়ন পূঁজিৰে নিৰ্মাণ কৰা দৈনিক বজাৰ গৃহৰ দ্বাৰ উন্মোচন কৰে সাংসদ তপন কুমাৰ গগৈয়ে।
No comments