Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, প্ৰাক্তন আছু নেতা কিৰণমনি সন্দিকৈৰ মৃত্যুত শোক প্ৰকাশ

গণ বাৰ্তা, মৰিয়নি,  ৫ জানুৱাৰীঃ  মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মৰিয়নিৰ ২ নং ৱাৰ্ড নিজৰাপাৰৰ নিবাসী, প্ৰাক্তন আছু নেতা, ...


গণ বাৰ্তা, মৰিয়নি, ৫ জানুৱাৰীঃ মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মৰিয়নিৰ ২ নং ৱাৰ্ড নিজৰাপাৰৰ নিবাসী, প্ৰাক্তন আছু নেতা, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী কিৰণমনি সন্দিকৈৰ কালি ৰাতি ৭-২০ মান বজাত নিজা বাসভৱনত মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স প্ৰায় ৬২ বছৰ হৈছিল । মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাত দেউতাকৰ কৰ্মসূত্ৰে থাকিবলৈ লোৱা কিৰণমনি সন্দিকৈ সৰুৰেপৰাই সমাজৰ হকে কাম কৰি ভাল পোৱা লোক আছিল । মৰিয়নিৰ অগ্ৰণী শিক্ষানুষ্ঠান মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থাঁ‌কোতে বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈ পৰিছিল । ১৯৭৩ চনত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় ( তেতিয়াৰ উচ্চ মাধ্যমিক বিদ্যালয় )ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত অধীস্থিত হৈছিল । তাৰ পিছত সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সৈতে জড়িত হৈ পৰে । মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু পিছলৈ সভাপতিও হৈছিল প্ৰয়াত কিৰণমনি সন্দিকৈ । পিছত তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পদতো কাৰ্য্যনিৰ্বাহ কৰিছিল প্ৰয়াত সন্দিকৈয়ে । তেতিয়াই অসম আন্দোলনতো জঁ‌পিয়াই পৰিছিল । তেখেত অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল । আনকি অসম আন্দোলনত জড়িত হোৱাৰ বাবে কাৰাবাস খাটিব লগীয়াও হৈছিল । পিছত মৰিয়নিৰ তেতিয়াৰ উড ক্ৰাফট আসাম ( বিৰলা কোম্পানী ) ত কিছুদিন চাকৰি কৰাৰ অন্তত কঠালগুৰি চাহ বাগিচাত চাকৰিত যোগদান কৰে । যোৱা ২০১৯ চনৰ মাৰ্চত বাগিচাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি প্ৰয়াত কিৰণমনি সন্দিকৈয়ে নিজৰাপাৰ অঞ্চলৰ স্থায়ীভাৱে থাকিবলৈ লয় । মৰিয়নিৰ বিভিন্ন অনুষ্ঠানৰ সৈতে তেখেত জড়িত আছিল । ধৰ্মপ্ৰাণ ব্যক্তি হিচাপেও প্ৰতিষ্ঠা লাভ কৰিছিল সন্দিকৈয়ে । নামঘৰ আদি ধৰ্মীয় অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈ পৰিছিল । বিগত কিছুদিন ধৰি তেখেত শাৰীৰিক অসুস্থতাত ভূগি আছিল । তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই অঞ্চলটোত শোকৰ ছাঁ‌ পৰে । তেখেতৰ মৃত্যুত প্ৰাক্তন আছু কৰ্মী, এসময়ৰ সহযোগী ধীৰেন্দ্ৰ নাথ দত্তই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাকুল পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । মৰিয়নিৰ জ্যেষ্ঠ নাগৰিক সন্মিলন, মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন আদিয়ে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।  নিশালৈ বহুসংখ্যক গুণমুগ্ধৰ উপস্থিতিত মৰিয়নিৰ ৰাজহুৱা শ্মশানত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । তেখেতৰ মৃত্যুত আজি মৰিয়নিত শোকৰ ছাঁ‌ পৰে ।

No comments