Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আৰোহণ পাব্লিকেশ্যনৰ গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰৰ বাকৰিত গগণ চন্দ্ৰ অধিকাৰী সোঁ‌ৱৰণী প্ৰেক্ষাগৃহত যোৱা ৮ জানুৱাৰী শুক্ৰবাৰে বিয়লি ৩ ব...


৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰৰ বাকৰিত গগণ চন্দ্ৰ অধিকাৰী সোঁ‌ৱৰণী প্ৰেক্ষাগৃহত যোৱা ৮ জানুৱাৰী শুক্ৰবাৰে বিয়লি ৩ বজাত আৰোহণ পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত ৩ খন গ্ৰন্থ উন্মোচন কৰা হয়।বিশিষ্টা লেখিকা ,কবি,গল্পকাৰ,ঔপন্যাসিক,আৰোহণ পাব্লিকেশ্যনৰ সঞ্চালিকা ড°সীমা বৰাৰ উপন্যাস'পৃথিবীৰ চকুলো' উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে।গ্ৰন্থখন উন্মোচন কৰি ৰাজবংশীয়ে কয় -"এই  পৃথিৱীত স্থাবৰ সম্পত্তি মাথোঁ গ্ৰন্থহে;গ্ৰন্থই মানুহক অমৰত্ব দান কৰে।গ্ৰন্থক ভগৱানৰ লগতো তেখেতে তুলনা কৰিব পাৰি।অজৰ অমৰ গ্ৰন্থৰ ব্যপ্তি  চিৰ বিদ্যমান।ড°বৰাৰ আন এখন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই।এক সাৰুৱা ভাষণত শৰ্মাই লকডাউনৰ ইতিবাচক দিশ,গ্ৰন্থ বুলি প্ৰকাশ কৰে।জনাকীৰ্ণ সভাখনত ডাঁ‌হী এম ভি, স্কুলৰ সহকাৰী শিক্ষক তথা দৈনিক বাতৰি কাকতৰ সংবাদদাতা চন্দ্ৰ প্ৰসাদ শইকীয়াদেৱে বন্তি প্ৰজ্বলন কৰে।অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৰ'জি বি বৰাৰ "অমানিশাৰ আকাশত মেঘৰ মাদল" শীৰ্ষক কাব্যপুথিখন  উন্মোচন কৰে।ড°সীমা বৰাৰ আদৰণি ভাষণেৰে গ্ৰন্থএখনৰ জীৱন পৰিক্ৰমা বৰ্ণনা কৰা উক্ত অনুষ্ঠানত কবি ড°মৰমী বৰঠাকুৰ তালুকদাৰ,বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকা,লোকসংগীতৰ গৱেষক ডালিমী কোঁ‌ৱৰ,সংগীত পৰিচালক জন্মি দাস,বিশিষ্ট সাহিত্যিক ড°প্ৰফুল্ল নাথ উপস্থিত থাকে।উক্ত অনুষ্ঠানতে নৱ ডেকা আৰু ৰাজকমল কলিতাই কবিতা আবৃত্তি কৰে।অনুষ্ঠানটোত ৰীনা বেগম হাজৰিকা,বিকাশ মালী, আৰু উৎপল কলিতাক আৰোহণ সাহিত্য বঁ‌টাও প্ৰদান কৰা হয়।আনহাতে যাদৱ চন্দ্ৰ শৰ্মা, প্ৰমোদ কলিতা, প্ৰবোধ শৰ্মা, কুসুম দেৱী,ৰিয়ান পৰাগ, আৰু ৰজলীনা কলিতাক অসম গৌৰৱ বঁ‌টাৰে সন্মানিত কৰা হয়।জোনাক আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আঁ‌তধৰা অনুষ্ঠানটো গুৱাহাটী গ্ৰন্থমেলাত অতি সফলতাৰে সম্পন্ন হয়।

No comments