বঙাইগাঁওঃ ৮ জানুৱাৰীঃ দিল্লীত চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত বৃহস্পতিবাৰে চি আই টি ইউয়ে কৃষক বিৰোধী কৃষি আইন বাতিল কৰা আৰু শ্ৰমিক বিৰোধী শ্...
বঙাইগাঁওঃ ৮ জানুৱাৰীঃ দিল্লীত চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত বৃহস্পতিবাৰে চি আই টি ইউয়ে কৃষক বিৰোধী কৃষি আইন বাতিল কৰা আৰু শ্ৰমিক বিৰোধী শ্ৰম সংস্কাৰ বন্ধ কৰাৰ দাবীত আহ্বান জনোৱা দেশজোৰা আইন অমান্য আন্দোলনৰ অংশ হিচাপে বঙাইগাওঁ জিলা সদৰতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চি আই টি ইউৰ বঙাইগাঁও - চিৰাং জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে বঙাইগাঁও গান্ধী ময়দানৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্লোগান দি চহৰখনৰ মূলপথেৰে পৰিভ্ৰমণ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ উপৰোক্ত দাবীত পৰিবেশ উত্তাল কৰি তোলে। পিচত গান্ধী ময়দানত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ সভাত বাওঁপন্থী নেতা হৰেশ্বৰ দাস,হেমকান্ত ৰায়,সত্য পাঠক, অনিন্দিতা দাস প্ৰমূখ্যে বিভিন্নজনে বিজেপি চৰকাৰৰ কৃষক বিৰোধী স্থিতিৰ তীব্ৰ সমালোচনা কৰি বক্তব্য ৰাখে । কাৰ্যসূচীত চি আই টি ইউৰ লগতে এআইকেএছ , এছএফআই ,এআইডিডব্লিউএ, ডিৱাইএফআই আদি বাওঁপন্থী গণ সংগঠনে অংশগ্ৰহণ কৰে ৷
No comments