পঙ্কজ নাথ, চাংসাৰি, ২১ জানুৱাৰী : আজি কামৰূপ জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা আমিনগাওঁস্হিত জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত থকা শৰাইঘাট সৰো...
পঙ্কজ নাথ, চাংসাৰি, ২১ জানুৱাৰী : আজি কামৰূপ জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা আমিনগাওঁস্হিত জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত থকা শৰাইঘাট সৰোবৰ পাৰ্কত পথ সুৰক্ষা মাহৰ শুভাৰম্ভণি অনুস্থান সম্পন্ন হৈ যায়। এই অনুস্থানত উপস্থিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই সাংবাদিকৰ সন্মুখত বিভিন্ন মন্তব্য প্ৰকাশ কৰে। তেখেতে আজি আজমল সম্পৰ্কে মন্তব্য কৰি কয় যে আজমলৰ মুৰৰ বিকৃতি ঘটিছে ,সেইবাবেই প্ৰলাপ বকিছে । আজমলৰ জৰাফুকাৰ ৰাজনীতিক ৰাইজে বিশ্বাস নকৰে । ৰাইজে এতিয়া সকলো বুজি পাইছে । মুছলমান সকলেও এইবাৰ বিজেপিকে ভোট দিব । কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাই বিজেপিক সহায়হে কৰিব বুলি তেওঁ কয়। ৰাইজৰ দল আৰু এ জে পি নিৰ্বাচনত বিজেপিৰ প্ৰত্যাহ্বান হব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কুইন ওজাই কলে আনে কি কৰিছে সেয়া আমাৰ জনাৰ পয়োজন নাই । নিজৰ বহীত কি লিখিছো সেয়া আনে জনাৰ প্ৰয়োজন নাই বুলিও কলে তেখেতে । আনৰ বহী চাই পৰীক্ষাত পাছ কৰিব নোৱাৰি বুলি দলৰ মজবুত স্থিতিৰ কথা দোহাৰে সাংসদ কুইন ওজাই । ইয়াৰ লগতে পথ সুৰক্ষা জীবন ৰক্ষা মুল থিমৰ আধাৰত জনসচেতনতা বৃদ্ধিৰ বাবে এখন গোলপীয়া বাছত উঠি পথ সুৰক্ষাৰ সজাগতা অনাৰ প্ৰয়াসো চলাই সাংসদ কুইন ওজাই । সাংসদ কুইন ওজাৰ লগতে কামৰূপ পৰিবহন বিষয়া ৰূপজ্যোতি দাসে উপায়ুক কাৰ্যালয়ৰ সমুখৰ পৰা উলিওৱা বাইক ৰেলিৰ ফ্লেগ অফ কৰি অভিনন্দন জনালে সকলোকে । কমলপুৰলৈ উলিওৱা বাইক ৰেলিৰ পিছে পিছে গোলপীয়া বাহনত উঠি সাংসদ ওজাই চলালে সজাগতা অভিযান । আজিৰ অনুস্থানত কামৰূপ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি দাসে সাংবাদিকৰ সন্মুখত নিজৰ বক্তব্য ৰখাৰ লগতে কামৰূপৰ ডি ডি চি নৰ সিং বে, আই আই টি গুৱাহাটীৰ অধ্যাপক এ কে ম'ৰিঅ , কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় প্ৰমুখ্যে পথ সুৰক্ষাৰ ওপৰত সাৱলীল ভাষণ আগবঢ়াই। আজিৰ এই অনুষ্ঠানত কনিষ্টবল হৰিচন্দ্ৰ দাস আৰু ডাঃ অৰবিন্দ দাসক পথ সুৰক্ষাৰ বিশেষ বঁটা প্ৰদান কৰে কামৰূপ পৰিবহন বিষয়া ৰূপজ্যোতি দাসে।
No comments